স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ :আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ টিকটৰ চাহিদা বৃদ্ধি পাইছে ৷ টিকটৰ বৰ্ধিত চাহিদাৰ ওপৰত ভিত্তি কৰিভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) বুধবাৰে প্ৰায় ৪ লাখ অতিৰিক্ত টিকট বিক্ৰী কৰাৰ কথা ঘোষণা কৰে । পৰৱৰ্তী পৰ্যায়ৰ বহু প্ৰত্যাশিত প্ৰতিযোগিতাখন বাবে পৰৱৰ্তী পৰ্যায়ৰ টিকট ৮ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা (IST) বিক্ৰী আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।
বিচিচিআইয়ে এক বিবৃতিত কয়, ‘‘বিচিচিআইয়ে গভীৰভাৱে স্বীকাৰ কৰে যে খেল অনুৰাগীসকল হৈছে প্ৰতিযোগিতাখনৰ হৃদস্পন্দন ৷ তেওঁলোকৰ অটল আবেগ, অৱদান আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ সফলতাৰ বাবে অতি প্ৰয়োজনীয়’’ ।
ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে উল্লেখ কৰা অনুসৰি, আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ সকলো খেলৰ টিকটৰ সাধাৰণ বিক্ৰী অহা ৮ ছেপ্টেম্বৰৰ নিশা ৮:০০ বজাৰ পৰা আৰম্ভ হ’ব । অনুৰাগীসকলে অফিচিয়েল টিকট ৱেবছাইট (Cricket World Cup website) ৰ https://tickets.cricketworldcup.com/explore/c/icc-cricket-world-cup ত গৈ টিকট ক্ৰয় কৰিব পাৰিব ।