অসম

assam

ICC ODI World Cup 2023 Schedule : শীঘ্ৰে ঘোষণা হ'ব এদিনীয়া বিশ্বকাপৰ সময়সূচী

By

Published : Jun 22, 2023, 2:04 PM IST

Updated : Jun 22, 2023, 2:30 PM IST

আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ৰ সময়সূচী ২৭ জুনৰ ভিতৰত ঘোষণা কৰিব পাৰে । বিচিচিআই আৰু আইচিচিয়ে অহা সপ্তাহত মুম্বাইত এক অনুষ্ঠান আয়োজন কৰিছে । ভাৰতীয় ক্ৰিকেট বোৰ্ডে ষ্টেডিয়ামবোৰৰ মেৰামতিৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।

ICC ODI World Cup 2023 Schedule
শীঘ্ৰে ঘোষণা হ'ব এদিনীয়া বিশ্বকাপৰ সময়সূচী

স্পৰ্টছ ডেস্ক,২২ জুন :এই বছৰৰে শেষৰফালে ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপ ২০২৩ । ক্ৰিকেটৰ মহাৰণ উপভোগ কৰিবলৈ সমগ্ৰ বিশ্বৰ অনুৰাগীসকল উৎসাহিত হৈ আছে । ইয়াৰ উপৰিও সময়সূচীৰ বাবেও আগ্ৰহেৰে অপেক্ষা কৰি আছে ক্ৰিকেটপ্ৰেমীসকল । অৱশ্যে অনুৰাগীসকলৰ এই অপেক্ষা শীঘ্ৰে সমাপ্ত হ'ব । বিচিচিআই আৰু আইচিচিয়ে অহা সপ্তাহত মুম্বাইত এক অনুষ্ঠানৰ আয়োজন কৰিব । য'ত বিশ্বকাপ ২০২৩-ৰ সময়সূচী ঘোষণা কৰা হ'ব । সামাজিক মাধ্যমত ভাইৰেল হোৱা এক টুইটৰ পৰা এই তথ্য প্ৰকাশ পাইছে ।

এদিনীয়া বিশ্বকাপ ২০২৩ ৰ খচৰা অনুসূচী বহু পূৰ্বেই বিচিচিআইয়ে আইচিচিলৈ প্ৰেৰণ কৰিছিল । কিন্তু বিশ্বকাপ সম্পৰ্কে পাকিস্তান ক্ৰিকেট বোৰ্ডে নিৰন্তৰ আপত্তি উত্থাপন কৰি আহিছিল । যাৰ বাবে, বোৰ্ডে আনুষ্ঠানিকভাৱে অনুসূচী ঘোষণা কৰিব নোৱাৰিলে । ধাৰণা কৰা হৈছে যে সম্ভৱত এই চূড়ান্ত সময়সূচী অহা সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে । একে সময়তে, পাকিস্তান ক্ৰিকেট বোৰ্ডে এতিয়ালৈকে অনুসূচী সন্দৰ্ভত আইচিচিলৈ অনুমোদন প্ৰেৰণ কৰা নাই ।

ইয়াৰ পূৰ্বে, পিচিবিৰ অধ্যক্ষ নজম শেঠীয়ে বিশ্বকাপ ২০২৩ত পাকিস্তান দলৰ অংশগ্ৰহণ সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছিল । নজম শেঠীয়ে কৈছিল যে তেওঁ ইতিমধ্যে আইচিচিক জনাইছে যে তেওঁলোকে অনুসূচীৰ বিষয়ে কোনো মতামত দিব নোৱাৰে । তেওঁলোকৰ দলটো পাকিস্তান চৰকাৰৰ ওপৰত নিৰ্ভৰশীল । যেনেদৰে ভাৰতীয় দলটো ভাৰত চৰকাৰৰ অনুমতিত কাম কৰে ।

ইফালে ভাৰতীয় দলটো এদিনীয়া বিশ্বকাপ ২০২৩ ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । একে সময়তে, ভাৰতীয় ক্ৰিকেট বোৰ্ডে ষ্টেডিয়ামবোৰ মেৰামতি কৰি আছে আৰু সেইবোৰক আকৰ্ষণীয় কৰি তুলিছে । বিশ্বকাপৰ পূৰ্বে ৱানখেড়ে ষ্টেডিয়ামত ডিএমএক্স নিয়ন্ত্ৰণৰ সৈতে এলইডি ফ্লাড লাইট স্থাপন কৰা হ'ব ।

একে সময়তে, চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পিটছৰ মেৰামতিৰ কামো চলি আছে । বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে এই ষ্টেডিয়ামসমূহৰ আধুনিকীকৰণ কাম সম্পূৰ্ণ কৰা হ'ব । সামাজিক মাধ্যমত ভাইৰেল হোৱা এক টুইটাৰ পোষ্টত এইবোৰ তথ্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক :Pakistan to tour India for WC : বিশ্বকাপৰ বাবে পাকিস্তানে ভাৰত ভ্ৰমণ কৰিব নালাগে-জাভেদ মিঁয়াদাদ

Last Updated : Jun 22, 2023, 2:30 PM IST

ABOUT THE AUTHOR

...view details