স্প’ৰ্টছ ডেস্ক, ১৯: মোটেৰা ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰে । এই মহান খেলখনত অষ্ট্ৰেলিয়াই ৪৩ অভাৰত ৪টা উইকেট হেৰুৱাই ভাৰতে বান্ধি দিয়া ২৪১ ৰানৰ লক্ষ্য সহজেই অৰ্জন কৰে । এইদৰে অষ্ট্ৰেলিয়াই অভিলেখ ৰচি ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে । একে সময়তে টীম ইণ্ডিয়াৰ লগতে ১৪০ কোটি দেশবাসীৰ এই ট্ৰফী জয়ৰ সপোন আকৌ এবাৰ ছিন্নভিন্ন হৈ পৰিল ।
চলিত বিশ্বকাপত টীম ইণ্ডিয়াই দহখন খেলৰ আটাইকেইখন খেলতে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল । আনকি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা একমাত্ৰ লীগ মেচখনতো ৬ উইকেটত জয় লাভ কৰিছিল । ভাৰতীয় দলৰ অনুৰাগীসকল আশাবাদী আছিল যে এইবাৰ তেওঁলোক নিৰাশ নহ’ব আৰু ভাৰতে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিব । কিন্তু, চূড়ান্ত মেচত খেলৰ প্ৰতিটো বিভাগতে টীম ইণ্ডিয়াতকৈ ভাল প্ৰদৰ্শন কৰি কেংগাৰুৱে ভাৰতৰ আশাত চেঁচাপানী ঢালিলে ।
এই মহান খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰততকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিলে । প্ৰথমে বলাৰ আৰু ফিল্ডাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২৪০ ৰানৰ স্ক’ৰত শক্তিশালী বেটিং লাইন আপৰ টীম ইণ্ডিয়াক অল আউট কৰে । ইয়াৰ পাছতে ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুশ্বানে ১৯২ ৰানৰ অংশীদাৰিত্বৰে ভাৰতৰ হাতৰ পৰা মেচখন কাঢ়ি লৈ যায় ।