স্পৰ্টছ ডেস্ক,১৯ জানুৱাৰী :বছৰৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ অদমনীয় প্ৰদৰ্শন । এডিলেডত খেলা প্ৰথমখন টেষ্ট মেচতে অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক ১০ উইকেটত পৰাস্ত কৰে । কেংগাৰু বাহিনীয়ে কেৰিবিয়ান বাহিনীৰ এগৰাকী খেলুৱৈকো আগবাঢ়িব নিদিলে আৰু তৃতীয় দিনা একপক্ষীয়ভাৱে খেলখনত বিজয় সাব্যস্ত কৰে । খেলখনত অষ্ট্ৰেলিয়াৰ বিজয়ৰ নায়ক আছিল জছ হেজলউড আৰু ট্ৰেভিছ হেড । হেজলউডে দুয়োটা ইনিংছতে ৯ টা উইকেট দখল কৰে । বিপৰীতে ট্ৰেভিছ হেডে প্ৰথম ইনিংছত ১১৯ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে ।
খেলখনত ৱেষ্ট ইণ্ডিজৰ দলটোৱে প্ৰথম ইনিংছত ১৮৮ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২৮৩ ৰাণ সংগ্ৰহ কৰে । ৱেষ্ট ইণ্ডিজৰ দলটো দ্বিতীয় ইনিংছত ১২০ ৰাণতে স্তব্ধ হৈ ৰয় । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়া দলটোক বিজয়ৰ বাবে মাত্ৰ ২৬ ৰাণৰ প্ৰয়োজন আছিল । যিটো তেওঁলোকে সপ্তম অভাৰৰ চতুৰ্থ বলত এটাও উইকেট নেহেৰুৱাকৈ ২৬ ৰাণ সংগ্ৰহ কৰি ১০ উইকেটত জয় লাভ কৰে ।