স্পৰ্টছ ডেস্ক,২৬ ফেব্ৰুৱাৰী :দক্ষিণ আফ্ৰিকাৰ নিউলেণ্ডছ খেলপথাৰত আন ইতিহাস ৰচনা হ'বলৈ গৈ আছে । কোনে দখল কৰিব ৰাণীৰ খিতাপ ? তাৰ সাক্ষী হ'ব নিউলেণ্ডছ খেলপথাৰ । আমি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ কথা ক'ব বিচাৰিছো (Womens T20 World Cup 2023 Final)। দেওবাৰে সন্ধিয়া ৬.৩০ বজাৰ লগে লগে ২০২৩ বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেল খেল আৰম্ভ হ'ব ।
ফাইনেলত মুখামুখি হ'ব অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দল (AUS vs SA Final)। অষ্ট্ৰেলিয়াৰ দলটোৱে মেগ লেনিংৰ নেতৃত্বত চেম্পিয়নৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিব বিচাৰিব । একে সময়তে, দক্ষিণ আফ্ৰিকাৰ দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিবলৈ গৈ আছে । ইফালে কেঙ্গেৰু বাহিনীক নিজ দেশৰ মাটিত চিকাৰ কৰাৰ সুযোগ পাইছে চুনে লুউছ বাহিনীয়ে । কিন্তু এয়া ইমান সহজ নহ'ব । তথাপিও দক্ষিণ আফ্ৰিকাৰ দলটোৱে চেষ্টা চলাই যাব ।
এতিয়ালৈকে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহিলা দল দুটা মুঠ ৬ খন টি-২০ মেচত মুখামুখি হৈছে (AUS and SA head to head)। য'ত অষ্ট্ৰেলিয়াই আটাইকেইখনতে জয়লাভ কৰিছে । একে সময়তে, দুয়োটা দলৰ মাজত ১৫ খন এদিনীয়া খেলো অনুষ্ঠিত হৈছে, যাৰ ভিতৰত অষ্ট্ৰেলিয়াই ১৪ খনত জয়লাভ কৰিছে । অষ্ট্ৰেলিয়াৰ দলটোৱে মহিলা টি-২০ বিশ্বকাপ ২০২৩ত ৫ খন খেলতে জয়লাভ কৰিছে (AUS Womens team in T20 world cup 2023)। একে সময়তে, দক্ষিণ আফ্ৰিকাৰ দলটোৱে তিনিখন খেলত হে জয়লাভ কৰিছে (SA Womens team in T20 world cup 2023)।