চিটাৰা ডেস্ক, 6 নৱেম্বৰ :বলীউডৰ অভিনেতা সুনীল চেট্টীৰ জীয়ৰী আথিয়া চেট্টীয়ে শুকুৰবাৰে 29 বছৰত ভৰি দিয়ে ৷ আথিয়াৰ জন্মদিন উপলক্ষে প্ৰেমিক তথা ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলে দুয়োৱে লণ্ডনত এক বিশেষ মূহুৰ্তত উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ৷ আথিয়াৰ জন্মদিনতে ৰাহুলে তেওঁলোকৰ সম্পৰ্কটো ৰাজহুৱা কৰে ৷
ইয়াৰ পূৰ্বে দুয়োজনে কেতিয়াও তেওঁলোকৰ সম্পৰ্কটোৰ বিষয়ে মুকলিকৈ কোনো কথা কোৱা নাছিল যদিও অনুৰাগীসকলৰ মাজত এই বিষয়ে যথেষ্ঠ চৰ্চা হৈছিল ৷ কিন্তু দুয়োগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাছিল ৷ অৱশেষত শুকুৰবাৰে ৰাজহুৱা হৈ পৰে দুয়োৰে মাজত থকা সম্পৰ্কটোৰ কথা ৷
ক্ৰিকেটাৰ কে এল ৰাহুলে ইনষ্টাগ্ৰাম একাউণ্টত অভিনেত্ৰী আথিয়া চেট্টীৰ সৈতে শ্বেয়াৰ কৰা ফটোখনত লিখিছিল এনেদৰে "শুভ জন্মদিন ৷ মোৰ কলিজা" ৷