স্পৰ্টছ ডেস্ক, ১৪ ছেপ্টেম্বৰ : শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এছিয়া কাপ 2023 ৰ ছুপাৰ 4 ৰ এখন তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচত শ্ৰীলংকাই পাকিস্তানক ২ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । অহা ১৭ ছেপ্টেম্বৰ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনত বৰ্তমানৰ এছিয়ান চেম্পিয়ন শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে খেলিব । পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত শ্ৰীলংকাৰ হৈ সৰ্বাধিক ৯১ ৰান সংগ্ৰহ কৰে কুশল মেণ্ডিছে । একে সময়তে জয়ৰ নায়ক হিচাপে পৰিগণিত হোৱা চৰিথ আছালংকাই অপৰাজিত ৪৯ ৰানৰ মেচ বিজয়ী ইনিংছ খেলে ।
শ্ৰীলংকাক শেষ অভাৰত জয়ী হ’বলৈ ৮ ৰানৰ প্ৰয়োজন হৈছিল, শেষৰ বলত ২ ৰান কৰি নিজৰ দলটোক বিজয় উপহাৰ দিয়ে আছলংকাই । পাকিস্তানৰ হৈ ইফতিখাৰ আহমেদে ৩ টা আৰু শ্বাহীন আফ্ৰিদীয়ে ২ টা উইকেট দখল কৰে । ইয়াৰ পূৰ্বে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি পাকিস্তানে ৪২ অভাৰত ৭ উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে ৷ পাকিস্তানৰ মহম্মদ ৰিজৱান অপৰাজিতভাৱে 86 ৰাণ আৰু ইফতিখাৰ আহমেদে ৪৭ ৰাণ কৰে ৷ দুয়োৰে মাজত ৭৮ বলত ১০৮ ৰানৰ পাৰ্টনাৰশ্বিপ আছিল । শ্ৰীলংকাৰ হৈ বেগী বলাৰ মথিছা পাথিৰানাই ৩ টা আৰু প্ৰমোদ মদুষনে ২ টা উইকেট দখল কৰে ।
ইফালে আঘাতত জৰ্জৰিত হৈছে পাকিস্তান শিবিৰ । ভাৰত বনাম পাকিস্তানৰ সংঘৰ্ষৰ সময়ত আঘাতপ্ৰাপ্ত পেচাৰ হাৰিছ ৰৌফ আৰু নাছিম শ্বাহ পাকিস্তান-শ্ৰীলংকাৰ মেচৰ পৰা বাদ পৰিছে । যিটো পাকিস্তানৰ বলিং আক্ৰমণৰ বাবে এক মোক্ষম আঘাত । সোমবাৰে ভাৰত আৰু পাকিস্তানৰ মেচৰ পিছত পাকিস্তানে নিজৰ মূল একাদশত ৫ টা পৰিৱৰ্তন কৰিছে । আনহাতে, শ্ৰীলংকাই মাত্ৰ এটা পৰিৱৰ্তন কৰিছে । কাচুন ৰজিতাই প্ৰমোদ মধুশানৰ স্থান গ্ৰহণ কৰিছে ।