স্পৰ্টছ ডেস্ক, ১৫ ছেপ্টেম্বৰ : চলিত এছিয়া কাপৰ ছুপাৰ 4 পৰ্যায়ৰ অন্তিমখন মেচত শুকুৰবাৰে বাংলাদেশৰ বিৰুদ্ধে 6 ৰাণত পৰাজিত হয় ভাৰত । জয়ৰ বাবে 266 ৰাণৰ লক্ষ্য আগত লৈ শুভমন গিলৰ শতক স্বত্ত্বেও 49.5 অভাৰত আটাকেইটা উইকেটৰ বিনিময়ত 259 ৰাণ কৰি থমকি ৰয় ।
কলম্বোত 265 ৰাণ কৰাৰ পিছত বাংলাদেশৰ বলাৰসকলে আৰম্ভণিৰে পৰা আধিপত্য বিস্তাৰ কৰে আৰু এটাৰ পিচত এটা ভাৰতীয় উইকেট দখল কৰি থাকে। শুভমান গিলৰ বাহিৰে আন কোনো বেটছমেন দলটোৰ হৈ উল্লেখ্যযোগ্য প্ৰদৰ্শন কৰিব নোৱাৰিলে। ভাৰতীয় অপেনাৰজনে 133 টা বলত 8 টা চাৰি আৰু 5 টা ছয়েৰে 121 ৰাণৰ এক ইনিংছ উপহাৰ দিয়ে যদিও সেয়া অথলে যায় । শেষৰ ফালে অক্ষৰ পেটেলে 42 ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলি কিছু আশাৰ সঞ্চাৰ কৰে যদিও সেয়া যথেষ্ট নাছিল। আজি ভাৰতীয় মিডিল অৰ্ডাৰত কিছু সালসলনি কৰা হয় যদিও বাংলাদেশী বলিঙৰ আগত ভাৰতীয় বেটছমেনসকলে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।
ইনিংছৰ আৰম্ভণিতে অধিনায়ক ৰোহিত শৰ্মাই 0 ৰাণ কৰি এদিনীয়াত আত্মপ্ৰকাশ কৰা তানজিম হাছান শ্বাকিবৰ বলত আউট হয় ৷ এইখন মেচত এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা তিলক বাৰ্মাই মাত্ৰ 5 ৰাণ কৰি তানজিম হাছান শ্বাকিবৰ দ্বিতীয়টো চিকাৰ হয় ৷ আনহাতে কে এল ৰাহুলো আজি মাত্ৰ 19 ৰাণ কৰি পেভেলিয়নমুখী হয় ৷ ঈশান কিষাণে 5 ৰাণ কৰাৰ বিপৰীতে 6 নম্বৰত বেটিং কৰিবলৈ আজি সুযোগ পোৱা সূৰ্যকুমাৰ যাদৱো 26 ৰাণ কৰি আউট হয় ৷ ৰবীন্দ্ৰ জাদেজাই 7 ৰাণ কৰি আউট হয় ৷
বাংলাদেশৰ বাবে খেলখন এক সন্মানৰ যুঁজ আছিল আৰু দলৰ বলাৰসকলে দলক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অভিজ্ঞ পেচাৰ মুস্তাফিজুৰ ৰহমানে 50 ৰাণ দি 3 টা উইকেট লোৱাৰ বিপৰীতে তানজিম হাছান শ্বাকিবে দুটা উইকেট দখল কৰে । স্পীনাৰ মেহেদী হাচানে 2 টা আনহাতে অধিনায়ক শ্বাকিব-আল হাচানে 1টা কৈ উইকেট ল'বলৈ সক্ষম হয় ।
ইয়াৰ পূৰ্বে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই আৰ প্ৰেমদাসা ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অন্তিম ছুপাৰ 4 মেচত টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় । বাংলাদেশে 50 অ'ভাৰত 8 উইকেটৰ বিনিময়ত 265 ৰাণ সংগ্ৰহ কৰি ভাৰতক জয়ৰ বাবে বান্ধি দিয়ে 266 ৰাণৰ লক্ষ্য ৷
বাংলাদেশৰ হৈ অধিনায়ক শ্বাকিব-আল হাচানে মূল্যৱান 80 ৰাণ কৰি আউট হয় । ইয়াৰ পূৰ্বে শ্বাকিব-আল-হাচানে অক্ষৰ পেটেলৰ এটা বলত মিড-উইকেটৰ ওপৰেৰে দুটা বিশাল ছয়েৰে তেওঁৰ এদিনীয়া কেৰিয়াৰৰ 55 সংখ্যক আৰু ভাৰতৰ বিৰুদ্ধে নৱমটো অৰ্ধশতক অৰ্জন কৰে । তাৰোপৰি তৌহিদ হৃদয়ে 54 ৰাণৰ এক অৰ্ধ শতকীয় ইনিংছ খেলাৰ লগতে নচুম আহমেদে 44 ৰাণৰ বৰঙণি আগবঢ়ায় ৷