স্পৰ্টছ ডেস্ক,২ জুলাই :অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত চলি আছে ঐতিহাসিক এছেজ টেষ্ট শৃংখলা । প্ৰথমখন টেষ্টত আধিপত্য দেখুওৱাৰ পাছত দ্বিতীয় টেষ্টখনো নিজৰ দখললৈ নিয়াৰ প্ৰয়াস চলিছে অষ্ট্ৰেলিয়াৰ । এছেজ শৃংখলাৰ দ্বিতীয় টেষ্টৰ আজি পঞ্চম অৰ্থাৎ অন্তিম দিন । এই টেষ্টখনৰ নিৰ্ণায়ক মুহূৰ্তৰ বাবে দেওবাৰে লৰ্ডছত মুখামুখি হ'ব দুয়োটা দল ।
ইতিমধ্যে ৰোমাঞ্চকৰ হৈ পৰা দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে । যাৰ ফলত, কেংগেৰুসকলে ইংলেণ্ড দলটোক অসুবিধাত পেলাইছে । অৱশ্যে শৃংখলাটোত দলটোৰ স্থিতি স্পষ্ট কৰিবলৈ ইংলেণ্ডক ২৫৭ ৰাণৰ প্ৰয়োজন ।
১ জুলাই অৰ্থাৎ শনিবাৰে লৰ্ডছত অনুষ্ঠিত দ্বিতীয় এছেজ টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ শেষত অষ্ট্ৰেলিয়াই ৩৭১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছত, কেংগেৰু বাহিনীয়ে শক্তিশালী বলিং প্ৰদৰ্শন দেখুৱাই আৰু ইংলেণ্ডক ১১৪ ৰাণতে বান্ধি ৰাখে । ইংলেণ্ডৰ হৈ বেন ডাকেটে ৫০ ৰাণ কৰি নট আউট হৈ আছে আৰু অধিনায়ক বেন ষ্টোকছে ২৯ ৰাণ সংগ্ৰহ কৰি নট আউট হৈ আছে । ৪৫ ৰাণতে চতুৰ্থ উইকেট হেৰুৱাই যদিও দুয়োগৰাকী বেটছমেনৰ মাজত পঞ্চম উইকেটত ৬৯ ৰাণৰ পাৰ্টনাৰ্শ্বিপ হয় । ডাকেট আৰু বেন ষ্টোকছে কিছু দৃঢ় বেটিং আৰু অৰ্ধ-শতকৰ পাৰ্টনাৰ্শ্বিপৰ দ্বাৰা ভাল প্ৰদৰ্শন দেখুৱাইছে । ইংলেণ্ডৰ ভাগ্য এতিয়া এই দুগৰাকী খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিব ।