স্পৰ্টছ ডেস্ক,৬ নৱেম্বৰ :শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত সোমবাৰে দিল্লীত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ মেচ । কিন্তু খেলৰ মাজত অনাকাংক্ষিত ঘটনা সংঘটিত হয় । বাংলাদেশৰ অধিনায়কে টাইম আউট আপীল কৰাৰ বাবে বেটিং নকৰাকৈয়ে পেভিলিয়নলৈ উভতিব লগীয়া হ'ল শ্ৰীলংকাৰ বেটছমেন এঞ্জেলো মেথিউছ । ইয়াৰ লগে লগে পুৰুষ আৰু মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসত আনুষ্ঠানিকভাৱে টাইম আউট ঘোষণা কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মেথিউছ । যিকোনো ফৰ্মেটত মাত্ৰ ৬ বাৰ হে এনেধৰণৰ ঘটনা সংঘটিত হৈছে । সকলোবোৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আছিল ।
উল্লেখ্য যে এঞ্জেলো মেথিউছে বেটিং কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ হেলমেটৰ ফিটাডালে কাম কৰা নাছিল । তেওঁ আন এটা হেলমেট বিচাৰিছিল যাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল । শ্ৰীলংকা ডাগআউটৰ পৰা সহযোগী খেলুৱৈয়ে তেওঁক আন এটা হেলমেট আনি দিছিল । কিন্তু এই ক্ষেত্ৰত অসন্তুষ্ট হৈ বাংলাদেশৰ অধিনায়ক চাকিব আল হাছানে টাইম আউটৰ আপীল কৰাৰ সিদ্ধান্ত লয় । যাৰ বাবে খেলপথাৰৰ আম্পায়াৰসকলে তেওঁক নিয়ম অনুসৰি আউট ঘোষণা কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিল ।
মেৰিলেবোন ক্ৰিকেট ক্লাবৰ (এমচিচি) নিয়ম অনুসৰি উইকেট যোৱাৰ পাছত বা বেটছমেনৰ অৱসৰৰ পাছত পৰৱৰ্তী বেটছমেনজন আহিবলৈ সাজু থাকিব লাগে । তিনি মিনিটৰ ভিতৰত পৰৱৰ্তী বলটো বেটছমেনজন খেলিব লাগিব । যদি এই নিয়ম পালন কৰা নহয় তেনেহ'লে খেলপথাৰলৈ অহা নতুন বেটছমেনজনৰ বিৰুদ্ধে নিৰ্দিষ্ট নিয়মৰ আধাৰত টাইম আউট ঘোষণা কৰা হ'ব আৰু তেওঁক আউট দিয়া হ'ব ।