অসম

assam

ETV Bharat / sports

BCCI Selection Committee Chairman : অজিত আগৰকাৰ বিচিচিআইৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষ নিযুক্ত - Ashok Malhotra lead Cricket Advisory Committee

আগৰকাৰে ২৬ খন টেষ্ট আৰু ৪ খন টি-২০ৰ উপৰি ১৯১ খন এদিনীয়া মেচ খেলিছে । তেওঁ ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ এদিনীয়া বিশ্বকাপ দলৰ অংশ আছিল আৰু ২০০৭ চনৰ বিশ্বকাপ টি-২০ বিজয়ী ভাৰতীয় দলৰো সদস্য আছিল ।

BCCI Selection Committee Chairman
BCCI Selection Committee Chairman

By

Published : Jul 5, 2023, 11:11 AM IST

স্পৰ্টছ ডেস্ক, ৫ জুলাই : ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰক ভাৰতীয় ক্ৰিকেটৰ পুৰুষ দলৰ নিৰ্বাচক সমিতিৰ অধ্য হিচাপে নিযুক্তি দিয়া হৈছে । মঙলবাৰে অশোক মালহোত্ৰাৰ নেতৃত্বত ক্ৰিকেট উপদেষ্টা সমিতিৰ (চিএচি) সৈতে ভাৰ্চুৱেল সাক্ষাৎকাৰৰ পিছত তেওঁক এই পদত নিযুক্তি দিয়া হয় ।

"সাক্ষাৎকাৰৰ বাবে উপস্থিত থকা আগৰকাৰ হৈছে একমাত্ৰ প্ৰাৰ্থী । সাক্ষাৎকাৰ ভাৰ্চুৱেল আছিল । কিয়নো তেওঁ বৰ্তমান পৰিয়ালৰ স'তে ছুটী কটাবলৈ বিদেশত আছে ।" বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনায় । সূত্ৰ অনুসৰি, উক্ত পদত নিযুক্তিৰ বাবে উত্তৰ মণ্ডলৰ পৰা কোনো উল্লেখযোগ্য নাম নাছিল ।

সেইকাৰণে বিচিচিআয়ে পাঁচটা অঞ্চলৰ প্ৰতিটোৰে পৰা এজনকৈ নিৰ্বাচক নিযুক্ত কৰাৰ বহু পুৰণি পৰম্পৰা ভংগ কৰিছে । আগৰকাৰৰ নিযুক্তিৰ অৰ্থ হ'ব যে পশ্চিম মণ্ডলত দুজন নিৰ্বাচক থাকিব আৰু সলিল আঙ্কোলা আনজন হ'ব । আনসকল হৈছে কেন্দ্ৰীয় মণ্ডলৰ সুব্ৰত বেনাৰ্জী, দক্ষিণৰ এছ শৰথ আৰু পূব মণ্ডলৰ এছ এছ দাস ।

আগৰকাৰে নিজৰ ক্ৰিকেট কেৰিয়াৰত ২৬ খন টেষ্ট আৰু ৪ খন টি-২০ৰ উপৰি ১৯১ খন এদিনীয়া মেচ খেলিছে । তেওঁ ১৯৯৯, ২০০৩ আৰু ২০০৭ চনৰ এদিনীয়া বিশ্বকাপ দলৰ অংশ আছিল আৰু ২০০৭ চনৰ বিশ্বকাপ টি-২০ বিজয়ী ভাৰতীয় দলৰো সদস্য আছিল । আনহাতে, লৰ্ডছত তেওঁৰ এটা টেষ্ট শতক আছে আৰু ২০০৪ চনত অষ্ট্ৰেলিয়াত ভাৰতৰ টেষ্ট বিজয়ত ডাঙৰ ভূমিকা পালন কৰিছিল । এডিলেইডত খেলা উক্ত মেচখনত আগৰকাৰে ছয়টা উইকেট দখল কৰিছিল । উল্লেখ্য যে এই পদত নিযুক্তিৰ পিছত আগৰকাৰে মোটা দৰমহা লাভ কৰিব । কিয়নো বিচিচিআয়ে মুখ্য নিৰ্বাচকৰ বাৰ্ষিক দৰমহা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

উল্লেখ্য, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত চেতন শৰ্মাক বৰ্খাস্ত কৰাৰ পিছত মুখ্য নিৰ্বাচকৰ পদটো খালী হৈছিল । এক ষ্টিং অপাৰেচনত টি-২০ বিশ্বকাপৰ পৰা ভাৰতীয় টি-২০ দলক অধিনায়কত্ব প্ৰদান কৰি থকা হাৰ্দিক পাণ্ডিয়াই তেওঁৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰা বুলি দাবী কৰা হৈছিল । তাৰ পিছতে বিতৰ্কত জড়িত হৈ পৰি চেতন শৰ্মাই মুখ্য নিৰ্বাচক পদৰ পৰা পদত্যাগ কৰিছিল ।

"তিনিজনীয়া পৰামৰ্শদাতা সমিতিয়ে সৰ্বসন্মতিক্ৰমে অজিত আগৰকাৰক উক্ত পদৰ বাবে পৰামৰ্শ দিছে ।" বিচিচিআইৰ এক বিজ্ঞপ্তিত এনেদৰে উল্লেখ কৰা হৈছে । ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ আগৰকাৰে ফেব্ৰুৱাৰী মাহত ষ্টিং অপাৰেচনৰ পিছত চেতন শৰ্মাই পদত্যাগ কৰাৰ বাবে খালী হৈ থকা পদটো দখল কৰে ।

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ক্ৰিকেট পৰামৰ্শদাতা সমিতিয়ে আগৰকাৰক জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি পুৰুষ নিৰ্বাচক সমিতিৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণৰ বাবে (খেলা টেষ্ট মেচৰ সংখ্যা) পৰামৰ্শ দিছিল । মুম্বাইৰ প্ৰাক্তন অধিনায়ক আগৰকাৰে এম এছ ধোনীৰ অধিনায়কত্বত ২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ বিজয়ী দলৰ অংশ আছিল ।

লগতে পঢ়ক :SAFF Championship 2023: ছাফ চেম্পিয়নশ্বিপ; পেনাল্টি শ্বুট আউটত কুৱেইটৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়লাভ ভাৰতৰ

ABOUT THE AUTHOR

...view details