অসম

assam

ETV Bharat / sports

কোচবিহাৰ ট্ৰফীত ৪০৪ ৰাণেৰে অভিলেখ ৰচা প্ৰখৰ চতুৰ্বেদীৰ আদৰ্শ ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছ

Prakhar Chaturvedi: কোচবিহাৰ ট্ৰফীৰ ফাইনেলত ৪০৪ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে সোমবাৰে ইতিহাস ৰচনা কৰে কৰ্ণাটকৰ প্ৰখৰ চতুৰ্বেদীয়ে । ইটিভি ভাৰতৰ আদিত্য ইঘেৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত যুৱকজনে আগন্তুক বছৰবোৰত ভাৰতৰ হৈ খেলাৰ ইচ্ছা প্ৰকাশ কৰে ।

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:45 PM IST

Prakhar Chaturvedi
Prakhar Chaturvedi

নিউজ ডেস্ক, 16 জানুৱাৰী: সোমবাৰে কোচবিহাৰ ট্ৰফীৰ ফাইনেলত অপৰাজিত ৪০৪ ৰানৰ ঐতিহাসিক ইনিংছ খেলা কৰ্ণাটকৰ প্ৰখৰ চতুৰ্বেদীয়ে ভৱিষ্যতে ভাৰতৰ হৈ খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷

ভাৰতৰ প্ৰাক্তন অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙৰ কোচবিহাৰ ট্ৰফীৰ ৩৫৮ ৰান সংগ্ৰহৰ অভিলেখ ভংগ কৰে ১৮ বছৰীয়া প্ৰখৰ চতুৰ্বেদীয়ে । এই ইনিংছে কৰ্ণাটকক বিজয়ী খিতাপ দখল কৰাত সহায় কৰে । ঐতিহাসিক ইনিংছৰ পিছত ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত প্ৰখৰে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ ইচ্ছা প্ৰকাশ কৰে ।

‘‘মই নিশ্চিতভাৱে ভাৰতৰ হৈ খেলিবলৈ আৰু তাৰ পিছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খেলিবলৈ লক্ষ্য বান্ধিছোঁ । মই কৰ্ণাটক প্ৰিমিয়াৰ লীগত নিৰ্বাচিত হ'ব খোজোঁ ।’’

আটাইতকৈ বিৰল কৃতিত্ব অৰ্জন কৰাৰ পিছত তেওঁ উল্লেখ কৰে, ‘‘পূৰ্বে মোৰ সৰ্বোচ্চ স্ক’ৰ আছিল ২০০ ৷ এতিয়া সন্মানীয় টুৰ্ণামেন্টখনৰ চূড়ান্ত খেলখনত ৪০০ স্ক’ৰ কৰাটো মোৰ বাবে অতি বিশেষ ৷ আজি মই যি কৰিলোঁ তাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছো ।’’

ক্ৰিকেটক পেছা হিচাপে বাছি ল’বলৈ কিহে প্ৰেৰণা দিছিল সেই বিষয়ে উল্লেখ কৰি প্ৰখৰে মন্তব্য কৰে যে, সেইজন হৈছে ৱেষ্ট ইণ্ডিজৰ মহান ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ।

তেওঁ কয়, ‘‘মই ১০-১১ বছৰ বয়সত টিভিত ক্ৰিকেট বহুত চাইছিলো আৰু সেইসময়ত মই ভাৰতৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগক বেটিং কৰা দেখিছিলো ৷ মই বহুত ভাল পাইছিলো আৰু তাৰ পিছত বন্ধু-বান্ধৱীৰ সৈতে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো ৷ শেষত মই একাডেমীত সোমালোঁ আৰু তাৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হ’ল । মোৰ সৰ্বকালৰ প্ৰিয় খেলুৱৈ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ।’’

‘‘শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে দুই এজন ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰকো মই অনুসৰণ কৰোঁ ৷ তেওঁলোকৰ বেটিঙৰ পৰা মই কেইটামান টিপচ লওঁ যিয়ে মোৰ খেলখন উন্নত কৰাত সহায় কৰিব পাৰে আৰু ভাল প্ৰদৰ্শন কৰিব পাৰোঁ ।’’ সোঁহতীয়া বেটছমেনগৰাকীয়ে কয় ।

প্ৰখৰ বেংগালুৰুৰ মধ্যবিত্ত পৰিয়ালৰ আৰু ১১ বছৰ বয়সৰ পৰা SIX ক্ৰিকেট একাডেমীৰ সৈতে জড়িত । তেওঁৰ পিতৃ সঞ্জয় চতুৰ্বেদী আই আই টি বি এইচ ইউৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু বৰ্তমান নিজাকৈ কোম্পানী চলাই আছে ৷ আনহাতে মাতৃ ৰূপা চতুৰ্বেদী ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচন (ডি আৰ ডি অ')ত এগৰাকী কাৰিকৰী উপদেষ্টা ।

প্ৰখৰে লগতে উল্লেখ কৰে যে ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে তেওঁৰ কেৰিয়াৰ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

‘‘মই ৰাহুল দ্ৰাবিড় ছাৰক বহুবাৰ লগ পাইছোঁ । তেওঁৰ পৰাও কিছু পৰামৰ্শ লৈছো, তাৰে এটাই মোক ক্ৰিকেটাৰ হিচাপে বিকশিত আৰু উন্নতি কৰাত সহায় কৰিছে । তেওঁ মোক পৰামৰ্শ দিছিল যে যেতিয়াই অনুশীলন কৰো তেতিয়াই মেচৰ পৰিস্থিতিৰ কল্পনা কৰিব লাগে ৷ যেনে খেলপথাৰখন চোৱা আৰু তাৰ পিছত সেই অনুসৰি শ্বট খেলা ।’’ প্ৰখৰে কয় ৷

‘‘SIX ক্ৰিকেট একাডেমীৰ সকলো প্ৰশিক্ষকে মোৰ এই যাত্ৰাত বহুত সহায় কৰিছে । কাৰ্থিক যশৱন্ত ছাৰ, কাৰ্তিক আচাপ্পা ছাৰ আৰু অশ্বিন ছাৰ, যেনেকৈ পাৰে সকলোৱে মোক সহায় কৰিছে আৰু উন্নত মানৰ সুবিধাও উইকেট আৰু খেলপথাৰত আছে । যি এই কৃতিত্ব অৰ্জন কৰাত মোক নিশ্চয় সহায় কৰিলে । ইমান দিনে মোক সহায় কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো।’’ খেলুৱৈগৰাকীয়ে উল্লেখ কৰে ৷

৬৩৮ বলত ৪০৪ ৰান কৰি অপৰাজিত হৈ থকা প্ৰখৰে তেওঁৰ ঐতিহাসিক ন’কত ৪৬ টা চাৰি আৰু তিনিটা ছয় কোবায় ৷ কৰ্ণাটকে ৮৯০/৮ ত ইনিংছ ঘোষণা কৰিছিল । এই প্ৰক্ৰিয়াত প্ৰখৰে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ (৩৩৮) ২৫ বছৰীয়া অভিলেখ ভংগ কৰি ১৯-অনূৰ্ধ্ব কোচবিহাৰ ট্ৰফীৰ ফাইনেলত সৰ্বাধিক স্ক’ৰ অৰ্জন কৰে ।

ভাৰতৰ প্ৰিমিয়াৰ ১৯ বছৰ অনুৰ্ধৰ ঘৰুৱা ইভেণ্টত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ আছে ২০১১–১২ ছিজনত অসমৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ হৈ অপৰাজিত ৪৫১ ৰান সংগ্ৰহ কৰা বিজয় জোলৰ ।

লগতে পঢ়ক:নিজৰ বায়’পিকত এইগৰাকী অভিনেতাক দেখিব বিচাৰে যুৱৰাজ সিঙে

ABOUT THE AUTHOR

...view details