অসম

assam

By

Published : Jun 29, 2023, 10:48 PM IST

ETV Bharat / sports

BCCI chief selectors post; মনিন্দৰ নে আগাৰকাৰ ? কোন হ’ব ভাৰতীয় ক্ৰিকেটৰ মুখ্য নিৰ্বাচক !

কোন হ’ব বিচিচিআইৰ মুখ্য নিৰ্বাচক ৷ চেতন শৰ্মাৰ পদত্যাগৰ পাচত খালী হৈ থকা এই পদৰ বাবে ইতিমধ্যে আবেদন গ্ৰহণ কৰা হৈছে ৷ অপেক্ষা মাথো ফলাফল ঘোষণালৈ...

Ajit Agarkar for chief selector post
BCCI chief selectors post

নিউজ ডেস্ক, 29 জুন:বিচিচিআইৰ মুখ্য নিৰ্বাচকৰ পদ খালী ৷ শেহতীয়াকৈ মুখ্য নিৰ্বাচক চেতন শৰ্মাই এটা ষ্টিং অপাৰেচনৰ পৰিপ্ৰেক্ষিতত পদ ত্যাগ কৰিব লগা হোৱাৰ পিচত বিচিচিআইৰ চয়ন সমিতিত এটা পদ খালী হৈ আছে । এতিয়া সমিতিখনত পাঁচজনৰ পৰিৱৰ্তে চাৰিজন লোক আছে । শিৱ সুন্দৰ দাস, সলিল আংকোলা, সুব্ৰত বেনাৰ্জী আৰু শ্ৰীধৰণ শৰথ ।

বিচিচিআইয়ে ইতিমধ্যে এই পদৰ বাবে আৱেদন বিচাৰিছে ৷ ইতিমধ্যে কেইবাগৰাকীও ব্যক্তিয়ে খালী পদৰ বাবে আবেদন কৰিছে, কিন্তু বৰ্তমানলৈকে নিৰ্ধাৰণ হোৱা নাই কোনে পূৰণ কৰি খালী আসন ৷

ধাৰণা কৰা হৈছে যে, যুঁজখন ভাৰতৰ প্ৰাক্তন অফ্ স্পীনাৰ মনিন্দৰ সিং আৰু চিমাৰ-অলৰাউণ্ডাৰ অজিত আগৰকাৰৰ মাজত হ'ব । ‘‘দুয়োজনে পদটোৰ বাবে আবেদন কৰিছে । যদি তেওঁলোকৰ কাৰোবাক তালিকাভুক্ত কৰা হয়, তেন্তে সেই ব্যক্তিজন স্বয়ংক্ৰিয়ভাৱে মুখ্য নিৰ্বাচক হ'ব ৷ কিয়নো তেওঁলোক দুয়োজনে বৰ্তমানৰ বাছনি সমিতিৰ আন যিকোনো সদস্যতকৈ অধিক টেষ্ট খেলিছে ৷" বিচিচিআইৰ এটা সূত্ৰই ইটিভি ভাৰতক জনায় ।

অৱশ্যে, ভাৰতৰ মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ নাম প্ৰায় নিশ্চিত হৈছে । "অমল মজুমদাৰ, জন লুইছ আৰু তুষাৰ আৰোথেসহ তিনিজনৰ মাজত যুঁজ হ’ব । মজুমদাৰ আৰু লুইছক মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু সাক্ষাৎকাৰ লোৱা হ'ব ৷" সূত্ৰটোৱে আঙুলিয়াই দিয়ে । সূত্ৰ অনুসৰি, মজুমদাৰে অৱশেষত সন্মতি লাভ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Asia Cup 2023: এছিয়া কাপত দললৈ প্ৰত্যাৱৰ্তন কৰিব কে এল ৰাহুল আৰু বুমৰাই

নিৰ্বাচক বাছনি কৰাৰ দায়িত্ব অশোক মালহোত্ৰা, সুলক্ষনা নায়েক আৰু যতীন পৰাঞ্জপেক লৈ গঠিত চিএচিৰ ওপৰত আছে ৷ যিয়ে 30 জুনত তিনিজন সংক্ষিপ্ত তালিকাভুক্ত প্ৰাৰ্থীৰ সাক্ষাৎকাৰ ল'ব । জানিব পৰা গৈছে যে, বিচিচিআইয়ে বিচাৰে যে, অহা মাহত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতৰ মহিলা দলৰ সৈতে বাংলাদেশ ভ্ৰমণলৈ যাব নতুন প্ৰশিক্ষক ।

অৱশ্যে, 2023 চনৰ ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচক চেতন শৰ্মাই এটা ৰাষ্ট্ৰীয় নিউজ চেনেলৰ দ্বাৰা কৰা এটা ষ্টিং অপাৰেচনত টীম ইণ্ডিয়া আৰু ইয়াৰ খেলুৱৈসকলৰ শ্ৰেণীবদ্ধ তথ্য প্ৰদান কৰা বুলি উঠা অভিযোগৰ পিছত বিচিচিআইৰ চয়ন সমিতিৰ অধ্যক্ষৰ বাছনি আসন্ন হৈ পৰে ।

ABOUT THE AUTHOR

...view details