অসম

assam

ETV Bharat / sports

Pakistan beat Afghanistan : পৰাজয় সহিব নোৱাৰি অনুৰাগীৰ মাজত কাজিয়া - Pakistan beat Afghanistan

পাকিস্তান আৰু আফগানিস্তানৰ মাজত বুধবাৰে এছিয়া কাপৰ এক ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হৈছিল (PAK vs AFG Asia cup 2022)। য'ত অন্তিম অ'ভাৰত পাকিস্তানৰ খেলুৱৈয়ে ২টাকৈ ছয় মাৰি খেলখন জয়ী কৰাইছিল । কিন্তু তাৰ পাছতে শ্বাৰজাহ ষ্টেডিয়ামত উত্তেজনাৰ সৃষ্টি । আফগানিস্তানৰ অনুৰাগীয়ে চকী ভাঙি লণ্ডভণ্ড কৰে ।

Pakistan beat Afghanistan
পৰাজয় খহিব নোৱাৰি অনুৰাগীৰ মাজত কাজিয়া

By

Published : Sep 8, 2022, 9:56 AM IST

Updated : Sep 8, 2022, 10:56 AM IST

স্পৰ্টছ ডেস্ক,৮ ছেপ্টেম্বৰ :এছিয়া কাপৰ (Asia Cup 2022) চুপাৰ-৪ৰ এখন গুৰুত্বপূৰ্ণ খেলত পাকিস্তানৰ হাতত পৰাস্ত আফগানিস্তানৰ দল । যুঁজি যুঁজি অন্তিম অ'ভাৰত আফগানিস্তানৰ পৰা বিজয় কাঢ়ি নিলে পাকিস্তানে । বুধবাৰে এই ৰোমাঞ্চকৰ খেল উপভোগ কৰিলে বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে । পৰাজিত হ'লেও ক্ৰিকেটপ্ৰেমীয়ে আফগানিস্তানৰ প্ৰদৰ্শনক যথেষ্ট প্ৰশংসা কৰা দেখা গৈছে ।

যিহেতু এখন হাই ভল্টেজ খেল আছিল । এটা সময়ত খেলখন পাকিস্তানৰ হাতৰ পৰা যাব যেন লাগিছিল যদিও অন্তিম অ'ভাৰত একেৰাহে দুটাকৈ ছয় মাৰি আফগানিস্তানৰ হাতৰ পৰা খেলখন কাঢ়ি লয় পাকিস্তানে । পাকিস্তানৰ জয়ৰ লগে লগে ভাৰতীয় দলটোও এছিয়া কাপ-২০২২ৰ পৰা বাহিৰ হয় । এতিয়া ফাইনেলত অৱতীৰ্ণ হ'ব পাকিস্তান আৰু শ্ৰীলংকা । পাকিস্তানৰ হাতত পৰাজয়ৰ পাছতে নিশ্চিতভাৱে আফগানিস্তানৰ অনুৰাগীসকলৰ মাজত প্ৰচণ্ড হতাশা দেখিবলৈ পোৱা গৈছে ।

ইয়াৰ মাজতে আফগানিস্তানৰ অনুৰাগীৰ হতাশাৰ ছবি প্ৰতিফলিত হোৱাও দেখা গৈছে । খেলৰ পাছতে শ্বাৰজাহ ষ্টেডিয়ামৰ এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত দেখা গৈছে হতাশা আৰু খঙত আফগানিস্তানৰ একাংশ অনুৰাগীয়ে ষ্টেডিয়ামৰ চকীবোৰ ভাঙিবলৈ ধৰিছে ।

ইয়াৰ বিপৰীতে পাকিস্তানৰ অনুৰাগীয়ে বিজয় উল্লাহ কৰাত অধিক উত্তেজিত হৈ পৰে আফগানিস্তানৰ অনুৰাগীসকল । যাৰ ফলস্বৰূপে পাকিস্তানৰ অনুৰাগীৰ ওপৰত চকীবোৰ দলিয়াবলৈ আৰম্ভ কৰে (Afghanistan Fans Attack Pakistan Fans) আফগানিস্তানৰ অনুৰাগীয়ে । এই গোটেই ঘটনাটো কেমেৰাত বন্দী হৈছে । সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ।

ভিডিঅ'টোত স্পষ্ট যে উপদ্ৰৱ চলোৱা অনুৰাগীসকলৰ হাতত আফগানিস্তানৰ পতাকা আছে । কাপোৰ আৰু শৰীৰত দেশৰ পতাকাও অংকন কৰা আছে । এই ঘটনাই এতিয়া সমগ্ৰ বিশ্ব ক্ৰিকেটত উদ্বেগৰ সৃষ্টি কৰিছে । সমগ্ৰ ঘটনাক বহুতে সমালোচনা কৰাও দেখা গৈছে ।

উল্লেখ্য যে খেলখনত আফগানিস্তানৰ দলটোৱে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰে আৰু ৬ উইকেটত ১২৬ ৰাণ সংগ্ৰহ কৰে । দলটোৰ হৈ ইব্ৰাহিম জাদ্ৰানে সৰ্বাধিক ৩৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে, ১২৭ ৰাণৰ লক্ষ্যত উপনীত হ'বলৈ পাকিস্তানক যথেষ্ট পৰিশ্ৰম কৰা দেখা গৈছিল । দলটোৱে ১১৮ ৰাণত ৯ টা উইকেট হেৰুৱাইছিল । কিন্তু শেষৰ অভাৰত নাছিম শ্বাহে একেৰাহে দুটা ছয় মাৰি খেলখনত বিজয়ক মোহৰ লগায় ।

লগতে পঢ়ক :ক্ৰিকেটক বিদায় জনালে সুৰেশ ৰাইনাই

Last Updated : Sep 8, 2022, 10:56 AM IST

ABOUT THE AUTHOR

...view details