অসম

assam

ETV Bharat / sports

CWC23 Afg vs Pak : নাই নিজৰ ষ্টেডিয়াম, নাই তালিবান চৰকাৰৰ সমৰ্থন ! দৃঢ় সংকল্প আৰু প্ৰবল ইচ্ছাশক্তি আফগান ক্ৰিকেটৰ মূলধন

চলিত ক্ৰিকেট বিশ্বকাপত এক ডাঙৰ অঘটনত পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰে আফগানিস্তানে । তাৰ পিছতে আফগানিস্তান ক্ৰিকেট দলটোক বিশ্বজুৰি প্ৰশংসাৰে উপচাই পেলোৱা হৈছে । কিন্তু এই জানেনে যে এই দলটোৱে দুবছৰ পূৰ্বে টি-২০ বিশ্বকাপৰ বাবে কোনো পৃষ্ঠপোষকো পোৱা নাছিল ।

CWC23 Afg vs Pak
দৃঢ় সংকল্প আৰু প্ৰবল ইচ্ছাশক্তি আফগান ক্ৰিকেটৰ মূলধন

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 10:43 AM IST

স্পৰ্টছ ডেস্ক, ২৫ অক্টোবৰ : ২৩ অক্টোবৰ, ২০২৩ । এই তাৰিখটো আফগানিস্তান ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব । কিয়নো ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত আফগানিস্তানৰ এই দিনটোতে আহে তৃতীয় বিজয় । তাকো সেই দলটোৰ বিৰুদ্ধে, যাৰ সৈতে আফগানিস্তানৰ কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক দুৰ্বল । সেই দলটোৱে হৈছে আফগানিস্তানৰ চিৰপ্ৰতিদ্বন্দী পাকিস্তান । বিশ্ব ক্ৰিকেটৰ নৱম স্থানত থকা আফগানিস্তানে এক ডাঙৰ অঘটনত দ্বিতীয় স্থানৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰে ।

এই ঐতিহাসিক বিজয়ৰ পিছতে সমগ্ৰ বিশ্বজুৰি আফগান দলৰ ওপৰত আলোচনা আৰম্ভ হয় । লগতে অভিনন্দন তথা শুভেচ্ছাৰ লানি নিছিগা সোঁত বয় । সেয়া এতিয়াও অব্যাহত আছে । সংবাদ মাধ্যমসমূহেও এই দলটোৰ বিভিন্ন দিশৰ ওপৰত বহু আলোকপাত কৰিছে । লগতে 'অন্যতম অঘটন' হিচাপে বহু শিৰোনাম দখল কৰিছে । কিন্তু আপোনালোক বহুতে হয়তো নাজানে যে দলটোৰ এই বিজয় আৰু খেলুৱৈসকলৰ এই আনন্দৰ আঁৰত এক দীঘলীয়া সংগ্ৰামৰ কাহিনী আছে, যিয়ে আফগানসকলৰ দৃঢ়তা আৰু প্ৰবল ইচ্ছাশক্তিক প্ৰদৰ্শন কৰে ।

আফগানিস্তান ক্ৰিকেটৰ ইতিহাস

আফগানিস্তান ক্ৰিকেট বোৰ্ড গঠন হৈছিল ১৯৯৫ চনত । এই ক্ৰিকেট বোৰ্ড পাকিস্তানত আফগান শৰণাৰ্থীসকলে প্ৰতিষ্ঠা কৰিছিল । ২০০১ চনত দলটো আইচিচি এফিলিয়েট সদস্য হয় আৰু ২০১৩ চনত আইচিচি সহযোগী সদস্যও হয় । যেতিয়ালৈকে দলটোৱে নিজাকৈ সহযোগীৰ মৰ্যাদা অৰ্জন কৰা নাছিল, তেতিয়ালৈকে আফগান দলটোৱে পাকিস্তানী ঘৰুৱা ক্ৰিকেটৰ দ্বিতীয় শ্ৰেণীত খেলিছিল । পাকিস্তানত কেইখনমান টুৰ্ণামেণ্ট খেলাৰ পিছত আফগানিস্তান ক্ৰিকেট দলে ক্ৰমান্বয়ে এছিয়াত টুৰ্ণামেণ্ট খেলিবলৈ আৰম্ভ কৰে ।

নাই কোনো ঘৰুৱা ষ্টেডিয়াম

আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ নিজা কোনো ঘৰুৱা ষ্টেডিয়াম নাই । আফগানিস্তানত চলি থকা উত্তেজনা আৰু যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে এতিয়ালৈকে কোনো আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হোৱা নাই । সেই কাৰণে আফগানিস্তান দলে ইয়াৰ সকলো ঘৰুৱা মেচ আন দেশত খেলে । আনহাতে, তালিবানৰ আগমনৰ পিছৰে পৰা ভৱিষ্যতে আফগানিস্তানত ক্ৰিকেট খেলৰ সম্ভাৱনা আৰু ক্ষীণ হৈ পৰিছে ।

তালিবান চৰকাৰে নকৰে কোনো সমৰ্থন

যদিও পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছত আফগানিস্তানত যথেষ্ট বিজয় উদযাপন কৰা হয়, কিন্তু আফগান ক্ৰিকেট দলক ঘৰতে তালিবান চৰকাৰে কোনো সমৰ্থন নকৰে । চৰকাৰে ক্ৰিকেটক খেল হিচাপে ভাল পায়, কিন্তু তেওঁলোকে খেলক আগবঢ়াই নিবৰ বাবে কোনো প্ৰচেষ্টা কৰা নাই । আইচিচি আৰু এচিচিৰ উপৰি আফগান ক্ৰিকেট বোৰ্ডক বিচিচিআই আৰু আন আ দেশৰ ক্ৰিকেট বোৰ্ডে ধন প্ৰদান কৰি আগবাঢ়ি যোৱাত সহায় কৰি আহিছে । আনহাতে, আফগান খেলুৱৈসকলে বিশ্বজুৰি অনুষ্ঠিত টি-২০ লীগত খেলি আহিছে ।

২০২১ বিশ্বকাপত লাভ কৰা নাছিল কোনো স্পনছ'ৰ

চলিত বিশ্বকাপত প্ৰথমে বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড আৰু শেহতীয়াকৈ পাকিস্তানক পৰাস্ত কৰা আফগানিস্তান ক্ৰিকেট দলৰ বাবে বৰ্তমান পৃষ্ঠপোষকৰ ভিৰ লাগিব পাৰে, কিন্তু এনেকুৱা এটা সময় আছিল যেতিয়া এই দলটোৱে কোনো পৃষ্ঠপোষক লাভ কৰা নাছিল । এইটো কোনো বহু পুৰণি কথা নহয় । আফগান দলটোৱে ইউএইত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপ, ২০২১-ৰ বাবে কোনো পৃষ্ঠপোষক লাভ কৰা নাছিল । এনে পৰিস্থিতিত প্ৰাক্তন অধিনায়ক তথা দলটোৰ তাৰকা অলৰাউণ্ডাৰ মহম্মদ নবীয়ে সমগ্ৰ দলটোক পৃষ্ঠপোষকতা কৰিছিল । যাৰ বাবে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত অংশগ্ৰহণ কৰি থাকোঁতে তেওঁ আবেগিক হৈ পৰিছিল আৰু তেওঁৰ দুচকুৰে চকুলো নিগৰিছিল ।

আফগান ক্ৰিকেটত ভাৰতৰ ভূমিকা

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আফগানিস্তান ক্ৰিকেটৰ গৌৰৱময় যাত্ৰাত ভাৰতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । বেছিভাগ আফগান খেলুৱৈয়ে ভাৰতত ভাৰতীয়সকলৰ পৰাই ক্ৰিকেটৰ আদিপাঠ তথা কৌশল শিকিছে । কিয়নো নিজৰ দেশত নিৰন্তৰ হিংসাৰ বাবে খেল সম্ভৱ নহয় । লগতে ক্ৰিকেট সম্পৰ্কীয় যিবোৰ সুবিধাৰ প্ৰয়োজন, তাৰো অভাৱ । ইয়াৰ বিপৰীতে ভাৰতত সকলো প্ৰকাৰৰ উন্নত সুবিধা উপলব্ধ । দলটোৰ বেছিভাগ খেলুৱৈয়ে ভাৰতত প্ৰশিক্ষণ লৈছে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বিচিচিআয়ে যথেষ্ট সহায় কৰিছে ।

২০১৫ চনত আফগানিস্তানে নয়ডা ষ্টেডিয়ামক তেওঁলোকৰ ঘৰুৱা খেলপথাৰ হিচাপে গ্ৰহণ কৰে আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত অৱতীৰ্ণ হয় । তাৰ পিছত আফগানিস্তান ক্ৰিকেট বোৰ্ডে ডেৰাডুন আৰু লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামক তেওঁলোকৰ ঘৰুৱা ষ্টেডিয়াম হিচাপে ব্যৱহাৰ কৰে । তাতো দলটোৱে বহু মেচ খেলিছে । ইয়াৰ ফলস্বৰূপে আফগান খেলুৱৈসকলৰ ভাৰত আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি বিশেষ মৰম আৰু সন্মান আছে ।

ভাৰতে নিৰ্মাণ কৰি আছিল দুখন ষ্টেডিয়াম

আফগানিস্তান সদায়ে ভাৰতৰ বন্ধু দেশ হৈ আহিছে । দুয়োখন দেশৰ মাজত সম্পৰ্কও অতি মধুৰ । তালিবান চৰকাৰৰ পূৰ্বে ভাৰতে আফগানিস্তানত দুখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ লৈছিল । এই ষ্টেডিয়াম দুখন কাণ্ডাহাৰ আৰু মাজাৰ-ই-শ্বৰীফত নিৰ্মাণ কৰিবলগা আছিল । ভাৰত চৰকাৰে ২০১৪ চনত ষ্টেডিয়ামৰ বাবে ১ মিলিয়ন আমেৰিকান ডলাৰ অনুদান অনুমোদন কৰিছিল । দুয়োখন ষ্টেডিয়ামৰ বাবে কাম চলি আছিল যদিও বৰ্তমান সেয়া স্থৱিৰ হৈ আছে ।

চলিত বিশ্বকাপত আফগানিস্তানৰ স্পনছ'ৰ আমুল

ভাৰতৰ সৰ্ববৃহৎ এফএমচিজি ব্ৰেণ্ড আৰু ভাৰতৰ অন্যতম সন্মানীয় আৰু বিশ্বাসযোগ্য দুগ্ধজাত ব্ৰেণ্ড হৈছে আমুল । এই আমুলে হৈছে ভাৰতে আয়োজন কৰা আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ, ২০২৩-ৰ বাবে আফগানিস্তান দলৰ মুখ্য পৃষ্ঠপোষক । ক্ৰিকেট বিশ্বকাপ, ২০২৩-ৰ সময়ত আফগানিস্তান দলৰ জাৰ্চীৰ লগতে অনুশীলন কিটতো দেখা গৈছে আমুলৰ ল'গ' ।

উল্লেখ্য যে আমুলে বিগত দুটা দশক ধৰি নিজৰ পাউডাৰ গাখীৰ আৰু শিশু খাদ্য আফগানিস্তানলৈ ৰপ্তানি কৰি আহিছে । বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নাছিব খানে এক আনুষ্ঠানিক বিবৃতি জাৰি কৰি আমুলক মুখ্য পৃষ্ঠপোষক হিচাপে গ্ৰহণ কৰাৰ বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক :ICC World Cup 2023 :পাকিস্তানৰ শক্তিশালী বলিং আক্ৰমণক ওফৰাই 8 উইকেটত জয়লাভ আফগানিস্তানৰ

ABOUT THE AUTHOR

...view details