স্পৰ্টছ ডেস্ক,২ জুন :অহা ৭ জুনৰ পৰা ইংলেণ্ডৰ ঐতিহাসিক অ'ভেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (World Test Championship Final)। তাৰ প্ৰাকক্ষণত মুকলি ভাৰতীয় দলৰ তিনিওটা ফৰ্মেটৰ নতুন জাৰ্চী । বৃহস্পতিবাৰে এডিডাছ ইণ্ডিয়াই ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি কৰে (Team India new Jersey revealed)।
কোম্পানীটোৱে মে' মাহত ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সৈতে ৫ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে আৰু ভাৰতীয় দলৰ বাবে অফিচিয়েল কিট নিৰ্মাণকাৰী হয় (Adidas and BCCI MoU)। ইনষ্টাগ্ৰামত মুকলি কৰা এটা ভিডিঅ'ত এডিডাছ ইণ্ডিয়াই ক্ৰমে টি-২০, এদিনীয়া আৰু টেষ্ট তিনিওটা ফৰ্মেটৰ বাবে ভাৰতীয় দলৰ নতুন জাৰ্চী মুকলি কৰে । এডিডাছ ইণ্ডিয়াই ইনষ্টাগ্ৰামত জাৰ্চীবোৰ মুকলি কৰি লিখিছে,"এটা আইকনিক মুহূৰ্ত । এখন আইকনিক ষ্টেডিয়াম । নতুন টীম ইণ্ডিয়াৰ জাৰ্চী ।"
২০২৩ বৰ্ষটো অতি ব্যস্ততাৰে ভৰা হ'ব ভাৰতীয় দলৰ বাবে । ৭ জুনৰ পৰা অনুষ্ঠিত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ । য'ত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰতীয় দলটো । আনহাতে ছেপ্টেম্বৰত এছিয়া কাপ আৰু অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপ আৰম্ভ হ'ব । তাৰ প্ৰাকক্ষণত এডিডাছৰ নতুন জাৰ্চীটো মুকলি কৰাৰ লগে লগে এতিয়া ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে । দৰ্শকসকলে নতুন জাৰ্চীৰ সৈতে ভাৰতীয় দলটোক আটাইকেইটা ফৰ্মেটতে ভাল প্ৰদৰ্শনৰ আশা কৰিছে (Adidas showcased new jerseys of Team India)।