নিউজ ডেস্ক, 31 মাৰ্চ: ভাৰতৰ তাৰকা বেটমিন্টন খেলুৱৈ ছাইনা নেহৱালে 2020 চনত আৰম্ভ হ'ব লগা ট'কিঅ অলিম্পিক পূৰ্বৰ তিনিওখন অলিম্পিকতকৈ কঠিন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে ৷ সেয়েহে অলিম্পিকৰ প্ৰস্তুতি হিচাপে ছাইনাই ফিটনেছ আৰু খেলৰ মানদণ্ড উন্নত কৰাৰ ওপৰত লক্ষ্য ৰাখিছে বুলি জানিবলৈ দিয়ে ৷
ট'কিঅ অলিম্পিক পূৰ্বতকৈ কঠিন হ'ব: ছাইনা - ETV BHARAT
ভাৰতৰ তাৰকা বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালে মন্তব্য কৰে যে 2020 ট'কিঅ অলিম্পিক পূৰ্বৰ তিনিওখন অলিম্পিকতকৈ কঠিন হ'ব ৷ সেয়েহে অলিম্পিকৰ প্ৰস্তুতি হিচাপে ছাইনাই ফিটনেছ আৰু খেলৰ মানদণ্ড উন্নত কৰাৰ ওপৰত লক্ষ্য ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

SAINA NEHWAL
বিশ্ব ৰেংকিঙৰ প্ৰাক্তন শীৰ্ষ খেলুৱৈগৰাকীয়ে 2016 চনৰ আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে পূৰ্বৰ ফৰ্ম উভতাই পাবলৈ সংঘৰ্ষ চলাই আহিছে ৷ উল্লেখ্য যে, 2008, 2012 আৰু 2016 চনত ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰা ছাইনাই 2012 চনত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷