স্পৰ্টছ ডেস্ক, 1 আগষ্টঃ থাইলেণ্ড অ’পেনৰ পৰা বাহিৰ হ’ল ভাৰতীয় তাৰকা শ্বাটলাৰ ছাইনা নেহৱাল ৷ জাপানৰ প্ৰতিদ্বন্দী ছায়াকা টাকাহাছিৰ হাতত 21-16, 11-21, 14-21 ছেটৰ ব্যৱধানত পৰাস্ত হৈ দ্বিতীয় ৰাউণ্ডৰ পৰাই প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ছাইনা৷ মেচখনত প্ৰথম ছেটত ছাইনাই জয় লাভ কৰিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী দুখন ছেটত পৰাজয়ৰ সন্মুখীন হয় ছাইনা৷ উল্লেখ্য যে, বুধবাৰে প্ৰথম ৰাউণ্ডত 29 বছৰীয়া নেহৱালে চাইৱানক 21-17 আৰু 21-19 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷
থাইলেণ্ড অ’পেনৰ পৰা বাহিৰ ছাইনা নেহৱাল
থাইলেণ্ড অ’পেনত পৰাজয়ৰ সন্মুখীন ভাৰতীয় তাৰকা শ্বাটলাৰ ছাইনা নেহৱাল ৷ ছায়াকা টাকাহাছীৰ হাতত দ্বিতীয় ৰাউণ্ডত ধৰাশায়ী ছাইনা ৷
থাইলেণ্ড অ’পেনৰ পৰা বাহিৰ ছাইনা নেহৱাল
ইপিনে স্বাতৱিকচিৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ফাজৰ অল্ফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্ডিয়ান্টোক 21-17, 21-19 ছেটত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷