স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ভাৰতীয় পুৰুষ বেডমিন্টন যুটী স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে শুকুৰবাৰে ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে ৷ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ চই চলগ্যু আৰু ছিউ ছিউং জেকক 21-17, 17-21, 21-19 ছেটত পৰাস্ত কৰে ৷
পুৰুষৰ ছিংগলছত ভাৰতৰ ছাই প্ৰনীঠে জাপানৰ কে. ছুনেয়াম্মাৰ হাতত 18-21, 15-21 ছেটত পৰাস্ত হয় ৷ 35 মিনিটৰ যুঁজতে ভাৰতৰ খেলুৱৈ গৰাকীয়ে প্ৰতিপক্ষৰ হাতত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় ৷