স্পৰ্টছ ডেস্ক, ১৯ মে': দেওবাৰৰ পৰা চীনৰ গোৱাংস্কি স্পৰ্টছ চেন্টাৰ জিমনেছিয়ামত আৰম্ভ হ'ব সুদীৰমান কাপ টুৰ্ণামেন্ট । ভাৰতীয় শীৰ্ষ বেটমিন্টন তাৰকা পি. ভি. সিন্ধু আৰু ছাইনা নেহৱালে এই সন্মানীয় টুৰ্ণামেন্ট খনত দেশক প্ৰতিনিধিত্ব কৰিব । ভাৰতীয় দলে সোমবাৰৰ পৰা মালয়েছিয়াৰ বিৰুদ্ধে গ্ৰুপ মেচত অংশগ্ৰহণ কৰিব ।
সুদীৰমান কাপত অংশগ্ৰহণ ভাৰতীয় শ্বটলাৰৰ - গ্ৰুপ ১ - D
চীনৰ গোৱাংস্কি স্পৰ্টছ চেন্টাৰ জিমনেছিয়ামত দেওবাৰৰ পৰা আৰম্ভ হ'ব সুদীৰমান কাপ টুৰ্ণামেন্ট । টুৰ্ণামেন্টত ভাৰতৰ হৈ বেটমিন্টন তাৰকা পি. ভি. সিন্ধু আৰু ছাইনা নেহৱালে অংশগ্ৰহণ কৰিব ।
সুদীৰমান কাপ
উল্লেখ্য যে, ভাৰতে ইয়াৰ পূৰ্বে ২০১১ আৰু ২০১৭ চনত দুবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল । সুদীৰমান কাপত সৰ্বাধিক ১২ টা দলে অংশগ্ৰহণ কৰাৰ উপৰি প্ৰত্যেকটো গ্ৰুপতে তিনিটাকৈ দল থাকে । ভাৰতে গ্ৰুপ ১ - D ত চীন আৰু মালয়েছিয়াৰ সৈতে স্থান লাভ কৰিছে ।