সুদীৰমান কাপ : মালয়েছিয়াৰ হাতত পৰাস্ত ভাৰতীয় শ্বাটলাৰ - পি. ভি. সিন্ধু
চীনত অনুষ্ঠিত সুদীৰমান কাপৰ গ্ৰুপ মেচত 2 - 3 ৰ ব্যৱধানত পৰাজয় বৰণ কৰিছে ভাৰতীয় শ্বাটলাৰে ৷ পৰাজয়ৰ পাছতে ভাৰতীয় দলৰ পৰৱৰ্তী পৰ্যায়ৰ অগ্ৰগতি চীনৰ বিৰুদ্ধে প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব ৷
নিউজ ডেস্ক, 21 মে': চীনৰ নানিঙত অনুষ্ঠিত সুদীৰমান কাপৰ গ্ৰুপ 1D ৰ মেচত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতীয় শ্বাটলাৰে 2 - 3 ৰ ব্যৱধানত পৰাজয়বৰণ কৰিবলগীয়া হৈছে ৷ এই পৰাজয়ৰ পাছতে ভাৰতীয় দলৰ পৰৱৰ্তী পৰ্যায়ৰ অগ্ৰগতি চীনৰ বিৰুদ্ধে প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব ৷
পুৰুষ আৰু মহিলাৰ যুটীয়া শাখাত ভাৰতীয় শ্বাটলাৰ এছ ৰানকিৰেড্ডী আৰু অশ্বিনী পোনাপ্পাই সুন্দৰ প্ৰদৰ্শনেৰে মালয়েছিয়াৰ জি. এছ. হোৱাট আৰু লাই জেমীক 16 - 21, 21 - 17, 24 - 22 ছেটত পৰাস্ত কৰে ৷ 1 ঘন্টা আৰু 10 মিনিটৰ যুঁজত ভাৰতীয় খেলুৱৈ দুগৰাকীয়ে ভাৰতক 1- 0 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে অনুষ্ঠিত পুৰুষৰ ছিংগলছ মেচত কিডাম্বী শ্ৰীকান্ঠৰ সলনি সমীৰ বৰ্মাক খেলুৱাৰ সিদ্ধান্ত ভাৰতীয় দলৰ বাবে ভুল প্ৰমাণিত হয় ৷ এইখন মেচত মালয়েছিয়াৰ লি জি জিয়াৰ হাতত 48 মিনিটৰ যুঁজত 13 - 21, 15 - 21 ছেটত সহজ পৰাজয়বৰণ কৰে সমীৰে ৷