স্পৰ্টছ ডেস্ক, 22 ফেব্ৰুৱাৰীঃবাৰ্ছিলোনা স্পেইন মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্ণামেণ্টৰ পৰা আহিল ভাৰতলৈ দুঃখবৰ ৷ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ল ভাৰতৰ তাৰকা শ্বাটলাৰ ছাইনা নেহৱাল ৷ থাইলেণ্ডৰ বুছানন অংবামৰুংফনৰ (Busanan Ongbamrungphan) বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত 45 মিনিটলৈ চলা মেচখনত 20-22, 19-21 ছেটত পৰাস্ত হয় ছাইনা নেহৱাল ৷ আনহাতে থাইলেণ্ডৰ কুনলাবুত বিতিদছাৰ্নৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় সমীৰ বৰ্মা ৷ 21-17, 17-21, 12-21 ছেটত পৰাস্ত হয় সমীৰ ৷
স্পেইন মাষ্টাৰ্ছ: কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ছাইনা
স্পেইন মাষ্টাৰ্ছ বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ ছাইনা নেহৱাল ৷ থাইলেণ্ডৰ খেলুৱৈৰ হাতত পৰাস্ত হয় ছাইনা ৷ আনহাতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অজয় জয়ৰামৰ ৷
স্পেইন মাষ্টাৰ্ছ: কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ছাইনা
অৱশ্যে অন্য এখন মেচত ভাৰতৰ বাবে সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হয় অজয় জয়ৰামে ৷ পুৰুষৰ ছিংগলছ শাখাত কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিবলৈ খেলুৱৈগৰাকীয়ে ৷ ফ্ৰান্সৰ থমাছ ৰক্সেলক 21-14, 21-15 ছেটত পৰাস্ত কৰে অজয়ে ৷