অসম

assam

ETV Bharat / sports

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ ছেট্টী - ৰনকিৰেড্ডীৰ - BECAUSE OF SHOULDER INJURY

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে চিৰাগ ছেট্টী আৰু স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডীয়ে ৷ আঘাতৰ সমস্যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিলে দুয়ো খেলুৱৈয়ে ৷

নাম প্ৰত্যাহাৰ ছেট্টী - ৰনকিৰেড্ডীৰ

By

Published : Aug 16, 2019, 9:19 PM IST

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : ভাৰতৰ ডাবলছ যুটী চিৰাগ ছেট্টী আৰু স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডীয়ে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ৷ আঘাতৰ সমস্যাৰ বাবে এই বৃহৎ প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ছেট্টীয়ে ৷ উল্লেখ্য যে, ছেট্টী - ৰনকিৰেড্ডী যুটীয়ে চলিত মাহতে থাইলেণ্ড অ'পেন জয়েৰে এই খিতাপ দখল কৰা প্ৰথম ভাৰতীয় যুটী হিচাপে পৰিগণিত হৈছিল ৷ এই প্ৰতিযোগিতাৰ ফাইনেলত ছেট্টী - ৰনকিৰেড্ডী যুটীয়ে চীন লি যুন হুই আৰু লিউ য়ু চেনৰ যুটীক 21-19, 18-21, 21-18 ছেটত পৰাস্ত কৰিছিল ৷

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ

কিন্তু আঘাতৰ বাবে ছুইজাৰলেণ্ডত আগষ্টৰ 19 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগা সন্মানজনক প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দুই তাৰকা খেলুৱৈয়ে ৷ চিৰাগ ছেট্টীয়ে জানিবলৈ দিয়া অনুসৰি, স্বাতৱিকে থাইলেণ্ড অ'পেনৰ সময়ত কান্ধত লাভ কৰা আঘাতৰ পৰা বৰ্তমানলৈকে উপশম লাভ কৰা নাই ৷ সেয়েহে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই ছেট্টীয়ে ৷ ইয়াৰ পাছতে ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা চীন অ'পেন আৰু কোৰিয়া অ'পেনত অংশগ্ৰহণৰ কথা জানিবলৈ দিয়ে ছেট্টীয়ে ৷

বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details