অসম

assam

By

Published : Apr 2, 2020, 9:52 AM IST

ETV Bharat / sports

ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু

ভাৰতৰ বেডমিণ্টন জগতৰ দুই অন্যতম তাৰকা খেলুৱৈ হৈছে ছাইনা নেহৱাল আৰু পি.ভি. সিন্ধু । দুই খেলুৱৈৰ জানক আমাৰ এই প্ৰতিবেদনত ।

ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু
ভাৰতীয় বেডমিণ্টনৰ দুই পঞ্চ তাৰকা ছাইনা আৰু সিন্ধু

স্পৰ্টছ ডেস্ক, ২ এপ্ৰিলঃবিশ্ব বেডমিণ্টন জগত নিজৰ নাম সুপ্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা দুই মহিলা ভাৰতীয় শ্বাটলাৰ হৈছে ছাইনা নেহৱাল আৰু পি.ভি. সিন্ধু । ভাৰতীয় বেডমিণ্টনক নতুন মাত্ৰা প্ৰদানত উল্লেখ্যনীয় ভূমিকা পালন কৰিছে দুই খেলুৱৈয়ে । ছাইনা য'ত বিশ্ব চেম্পিয়নৰ ফাইনেলৰ প্ৰথম ভাৰতীয় খেলুৱৈ ইয়াৰ বিপৰীতে অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথম মহিলা খেলুৱৈ হৈছে সিন্ধু ।

আহক জানো দুই খেলুৱৈৰ কিছু কথা-

ছাইনা নেহৱালঃ ১৯৯০ চনৰ ১৭ মাৰ্চত হিচাৰ জিলাত জন্মগ্ৰহণ কৰিছিল ছাইনাই । ছাইনাৰ পিতৃ হৰিবীৰ নেহৱাল আৰু মাতৃ উষা নেহৱাল ৰাজ্যিক পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ আছিল । ১৩ বছৰ বয়সতেই বেডমিন্টনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ছাইনাই । আনহাতে ২০০৬ চনত যেতিয়া BWF চুপাৰছিৰিজ আৰম্ভ হৈছিল তেতিয়াই এগৰাকী পেচাদাৰী খেলুৱৈ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ছাইনাই । তেতিয়াৰ পৰা আৰু পিচ হুহুকি চোৱা নাই এই প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ।

ছাইনা নেহৱাল

ইয়াৰ পাচতেই অলিম্পিকত ভাৰতৰ হৈ বেডমিণ্টনত প্ৰথম পদক লাভ কৰিবলৈ সক্ষম হয় ছাইনাই । আনহাতে BWF বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান লাভ কৰাও প্ৰথম খেলুৱৈৰ কৃতিত্ব অৰ্জন কৰে ছাইনাই । ইয়াৰ লগতে ছুপাৰ ছিৰিজ খিতাপ দখল কৰা প্ৰথম ভাৰতীয়ৰ লগতে প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে কমনেৱলথ গেম্ছত ২০১০ আৰু ২০১৮ চনত দুবাৰকৈ মহিলাৰ ছিংগলছ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।

২০১০ চনত দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ছাইনা নেহৱালে । ৫ খন আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিছিল খেলুৱৈগৰাকীয়ে । ২০১২ চনতো খেলুৱৈগৰাকীয়ে উন্নত প্ৰদৰ্শন কৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা জয় লাভ কৰিবলৈ সক্ষম হৈছিল । এই বৰ্ষতেই লণ্ডন অলিম্পিকত ভাৰতৰ বাবে ব্ৰঞ্জ পদক আঁজুৰি আনিছিল ছাইনাই ।

ছাইনা

ইয়াৰ পাচতেই নানাত আঘাতৰ সমস্যাত জৰ্জৰিত হৈ বহু সময় কৰ্টৰ পৰা বাহিৰ থাকিবলগীয়া হয় খেলুৱৈগৰাকী । ২০১৪ চনত পুনৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ইণ্ডিয়ান গ্ৰেণ্ড প্ৰি গল্ড, অষ্ট্ৰেলিয়া বেডমিণ্টন অ'পেন আৰু চাইনা অ'পেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । ২০১৫ চনত ইণ্ডিয়া অ'পেন আৰু ছৈয়দ মোডী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ লাভ কৰে । বৰ্তমান আঠুৰ আঘাতৰ বাবে বহু কেইটা টুৰ্ণামেণ্টৰ সলনি কিছু সংখ্যক চেম্পিয়নশ্বিপত হে অংশ লোৱা দেখা যায় ছাইনাক । শেষবাৰৰ বাবে ২০১৯ চনত ইণ্ডোনেছিয়া অ'পেনৰ খিতাপ দখল কৰিছে ছাইনাই ।

ছাইনা

পদকঃ ভাৰত চৰকাৰৰ পৰা ছাইনা নেহৱালক বৰ্তমানলৈকে ৪ টাকৈ পদকেৰে সন্মানিত কৰা হৈছে । ২০০৯ চনত অৰ্জুন বঁটা, ২০১০ চনত পদ্মশ্ৰী বঁটাৰ লগতে ভাৰতীয় ক্ৰীড়াজগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা । ২০১৬ চনত পদ্ম ভূষণ প্ৰদান কৰা হয় এই প্ৰতিভাৱান খেলুৱৈগৰাকীক ।

পি.ভি সিন্ধুঃ ভাৰতীয় বেডমিণ্টনৰ অন্যতম তাৰকা হৈছে পি.ভি সিন্ধু । ১৯৯৫ চনৰ ৫ জুলাইত হায়দৰাবাদৰ তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সিন্ধুৱে । পিতৃ পি.ভি. ৰমন আৰু মাতৃ পি. বিজয়া এগৰাকী বাস্কেটবল খেলুৱৈ আছিল । আনহাতে তেওঁৰ জেষ্ঠ ভগ্নী হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ড বল খেলুৱৈ ।

ভাৰতীয় খেলুৱৈ সিন্ধু

ছয় বছৰ বয়সৰ পৰাই খেলৰ লগত জড়িত হৈ পৰিছিল সিন্ধু । পুলেলা গুপিচান্দৰ অনুসৰণ কৰিয়ে বেডমিণ্টন খেলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল সিন্ধুৱে । সেই সময়ত ২০০১ চনত গুপিচান্দে এল ইংলেণ্ড অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল । সিন্ধুৱে প্ৰথমে মেহবুব আলীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণৰ পাচত গুপিচান্দ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে । প্ৰশিক্ষণ বাবে প্ৰথম অৱস্থাত প্ৰায় ৫৬ কিলোমিটাৰ দূৰ অতিক্ৰম কৰিছিল ।

পি.ভি সিন্ধু

প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ২০১২ চনত । যেতিয়া বিশ্বৰ বিংশ সংখ্যক খেলুৱৈৰ তালিকাত নাম সন্নিৱিষ্ট হৈছিল সিন্ধুৰ । সেই সময়ত সিন্ধুৰ বয়স আছিল মাত্ৰ ১৭ বছৰ । সিন্ধু হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ যিয়ে ২০১৩ চনত BWF বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত পদক জিনিবলৈ সক্ষম হৈছিল । আনহাতে বিশ্ব চেম্পিয়নশ্বিপৰ ৬ খন মেচৰ ৫ খনত পদক লাভ কৰা এক অন্য অভিলেখো আছো সিন্ধুৰ নামত । ২০১৯ চনত স্বৰ্ণ, ২০১৭-১৮ ত ৰূপ, ২০১৩-১৪ চনত ব্ৰঞ্জ পদক । আনহাতে অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হৈছে সিন্ধু । ৰিঅ' অলিম্পিকত ২০১৬ চনত এই কৃতিত্ব অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে ।

সিন্ধু

পদকঃপি.ভি সিন্ধুক ভাৰত চৰকাৰৰ পৰা ২০১৩ চনত অৰ্জুন পুৰস্কাৰেৰে সন্মানিত কৰাৰ লগতে ২০১৫ চনত পদ্মশ্ৰী, ২০১৬ চনত খেল ৰত্ন আৰু শেহতীয়াকৈ ২০২০ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় ।

ছাইনা বনাম সিন্ধুঃ

যেতিয়া দুয়ো খেলুৱৈ ইজনে সিজনৰ মুখামুখি হয় তেতিয়া দুয়োৰে মাজত দেখা পোৱা যায় তীব্ৰ প্ৰতিদ্বন্দিতা ।

  • 2014 India GP Gold: ছাইনা নেহৱাল বিজয়ী, ২১-১৪, ২১-১৭
  • 2017 India Open: সিন্ধু বিজয়ী, 21 ২১-১৬, ২২-২০
  • 2018 Indonesia Masters: ছাইনা বিজয়ী, ২১-১৩, ২১-১৯
  • 2018 Commonwealth Games: ছাইনা বিজয়ী, ২১-১৮, ২৩-২১

ছাইনাই বৰ্তমানলৈকে ৬২৮ খন মেচৰ ভিতৰত ৪৩৩ খন মেচত জয় লাভ কৰাৰ বিপৰীতে সিন্ধুৱে জ. লাভ কৰিবলৈ সক্ষম হৈছে ৪৬৫ খনৰ ৩২৬ খন মেচ । ছাইনাৰ বিজয়ৰ শতকৰা হাৰ ৬৮.৯ শতাংশ হোৱাৰ বিপৰীতে সিন্ধুৰ বিজয়ৰ হাৰ হৈছে ৭০.১০ শতাংশ ।

অলিম্পিকৰ স্বৰ্ণ পদক জয় নকৰালৈকে হাৰ নামানো : মেৰী কম

ABOUT THE AUTHOR

...view details