স্প’ৰ্টছ ডেস্ক, ৭ জুলাই :ভাৰতৰ বেডমিণ্টন খেলুৱৈ সকলো সাজু টকিঅ' অলিম্পিকৰ(Tokyo Olympic) বাবে । বিশেষকৈ সকলোৰে চকু পি ভি সিন্ধুৰ (PV Sindhu) লগতে ভাৰতৰ আন খেলুৱৈসকলৰ ওপৰত । ২০১২ আৰু ২০১৬ চনত চাইনা নেহৱাল (Saina Nehwal) আৰু পি ভি সিন্ধুৱে একেৰাহে অলিম্পিক পদক জয় কৰাৰ পিছত এতিয়া ভাৰতীয় দলটোৱে হেট্ৰিকৰ আশাত আছে । এইবাৰ অলিম্পিকৰ বাবে বাছনি কৰা হৈছে ৪ গৰাকী বেডমিণ্টন খেলুৱৈ ।
তেওঁলোক ক্ৰমে পি ভি সিন্ধু, বি চাই প্ৰণীত (B Sai Praneeth), চিৰাগ শেট্টী আৰু সাতৱিক ৰাংকিৰেড্ডী । লক্ষণীয়ভাৱে এইবাৰ ক'ৰ্টৰ কাষত নাথাকিব মুখ্য ৰাষ্ট্ৰীয় প্ৰশিক্ষক (Chief national coach) পুল্লেলা গোপীচান্দ । ২০১৬ চনৰ ৰিঅ' অলিম্পিকত (Rio Olympic) ৰূপৰ পদক লাভ কৰাৰ সময়ত সিন্ধুৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল গোপীচান্দ ।
ক'ভিডৰ কঠোৰ প্ৰট'কলৰ বাবে বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াই (BAI) চাৰিগৰাকী খেলুৱৈৰ সৈতে মাত্ৰ ৯ জনীয়া দলকহে টকিঅ'লৈ যোৱাৰ অনুমতি দিছে । দুগৰাকী বিদেশী প্ৰশিক্ষকক দলটোত অন্তৰ্ভূক্ত কৰি গোপীচান্দে এই দলৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৯ জনীয়া দলটোত ৪ গৰাকী খেলুৱৈৰ সৈতে তিনিগৰাকী প্ৰশিক্ষক আৰু দুজন ফিজিঅ' থাকিব ।