অসম

assam

ETV Bharat / sports

পিভি সিন্ধুৰ সফলতাত আনন্দিত দেশবাসী - টুইটাৰযোগে অভিনন্দন জ্ঞাপন

প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন বিশ্ব চেম্পিয়ন পি.ভি. সিন্ধুৰ সাফল্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ লগতে বহু কেইগৰাকী ৰাজনৈতিক নেতাৰ শুভেচ্ছা ৷

পিভি সিন্ধুৰ সফলতাত আনন্দিত দেশবাসী

By

Published : Aug 25, 2019, 11:56 PM IST

স্পৰ্টচ ডেস্ক, 25 আগষ্টঃ পিভি সিন্ধুৰ সাফল্যত গৌৰৱান্বিত দেশবাসী ৷ জাপানৰ খেলুৱৈ Nozomi Okuhara ক 21-7, 21-7 চেটৰ ব্যৱধানত পৰাস্ত কৰি Badminton World Championship ত সোণৰ পদক লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ প্ৰথমগৰাকী ভাৰতীয় বিশ্ব চেম্পিয়ন পি.ভি. সিন্ধুৰ সাফল্যত হায়দৰাবাদস্থিত বাসগৃহতো দেখিবলৈ পোৱা গ'ল আনন্দমুখৰ পৰিৱেশ ৷

পিভি সিন্ধুৰ সফলতাত আনন্দিত দেশবাসী

খেলুৱৈগৰাকীৰ এই অভিলেখৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু, কংগ্ৰেছৰ অন্তবৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধী, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ কেইবাগৰাকী ৰাজনৈতিক নেতাই টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰে ৷ খেলুৱৈগৰাকীৰ এই বিশ্ব জয়ত আনন্দিত সমগ্ৰ দেশবাসী৷

ABOUT THE AUTHOR

...view details