স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: ফ্ৰেন্স অ'পেনৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'ল ভাৰতীয় পুৰুষ ডাবলছ যুটী ছিৰাগ ছেট্টী-স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ইণ্ডোনেছিয়াৰ মাৰ্কাছ জিডিয়ন আৰু কেভিন ছুকামোলজোৰ হাতত 21-18, 21-16 ছেটত পৰাস্ত হ'ল ভাৰতীয় যুটীটো ৷ আধা ঘন্টাৰ যুঁজত ভাৰতীয় যুটীটোৱে পৰাস্ত হোৱাৰ পাচতে ৰূপৰ পদকতে ক্ষান্ত থাকিবলগা হয় ৷
টুৰ্ণামেন্টখনত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় যুটীটোৱে ফাইনেলত ইণ্ডোনেছিয়াৰ যুটীটোৰ বিৰুদ্ধে আশানুৰূপ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম নহ'ল ৷