স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ : কোৰিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত জেন অ' জৰ্গেনছনক পৰাস্ত কৰিছে ভাৰতীয় শ্বাটলাৰ পাৰুপল্লী কাশ্যপে ৷ 37 মিনিটৰ যুঁজত প্ৰতিদ্বন্দী জৰ্গেনছনক 24-22, 21-8 ছেটত পৰাস্ত কৰে কাশ্যপে ৷ প্ৰথমটো ছেটত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জৰ্গেনছনে দ্বিতীয় ছেটত দূৰ্বল প্ৰদৰ্শন আগবঢ়ায় ৷
ইয়াৰ পূৰ্বে দ্বিতীয় ৰাউণ্ডত কাশ্যপে মালয়েছিয়াৰ ডাৰেন লিউক 21-17, 11-12, 21-12 ছেটত পৰাস্ত কৰে ৷