অসম

assam

ETV Bharat / sports

ক্ৰীড়া সন্মানৰ বাবে গঠিত নিৰ্বাচক কমিটিক সমালোচনা প্ৰণয়ৰ - ক্ৰীড়া সন্মানৰ বাবে গঠিত নিৰ্বাচক কমিটিক সমালোচনা

অৰ্জুন সন্মানৰ বাবে নিজৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ পাছতে সমালোচনাত মুখৰ হৈ পৰিছে এইছ. প্ৰণয় ৷ ক্ৰীড়া সন্মানৰ বাবে গঠিত নিৰ্বাচক কমিটিক সমালোচনা কৰে খেলুৱৈ গৰাকীয়ে ৷

এইছ. প্ৰণয়

By

Published : Aug 17, 2019, 11:56 PM IST

স্পৰ্টছ ডেস্ক, 17 আগষ্ট : অৰ্জুন সন্মানৰ বাবে খেলুৱৈৰ নাম ঘোষণা কৰাৰ পাছতে ভাৰতীয় শ্বাটলাৰ এইছ. প্ৰণয়ে নিৰ্বাচক কমিটিক সমালোচনা আগবঢ়াইছে ৷ টুইটাৰৰ জৰিয়তে তেওঁ নিজৰ খং প্ৰকাশ কৰি কয় যে, সন্মানৰ আশা কৰিবলৈ হ'লে তালিকাত নাম প্ৰদান কৰিবলৈ কোনো লোক থকা প্ৰয়োজন ৷ আমাৰ দেশত প্ৰদৰ্শনক গুৰুত্ব প্ৰদান কৰা নহয় বুলি মন্তব্য কৰে শ্বাটলাৰ গৰাকীয়ে ৷ এইয়া দেশৰ দুখজনক পৰিস্থিতি কিন্তু কোনো উপায় নাই, সেয়েহে নিজৰ সামৰ্থ থকালৈকে খেলি যোৱাই ভাল বুলি মন্তব্য কৰে খেলুৱৈ গৰাকীয়ে ৷

উল্লেখ্য যে, নিৰ্বাচক কমিটিয়ে অৰ্জুন সন্মানৰ বাবে 19 গৰাকীকৈ ক্ৰীড়াবিদৰ নাম ঘোষণা কৰিছে আৰু তাৰ ভিতৰত দুজনহে বেডমিন্টন খেলুৱৈয়ে স্থান লাভ কৰিছে ৷ এই দুজন খেলুৱৈ হৈছে ছাই প্ৰণীঠ আৰু প্ৰমোদ ভগত ৷

ABOUT THE AUTHOR

...view details