অসম

assam

ETV Bharat / sports

ৰাষ্ট্ৰীয় পতাকা দেখি আৰু ৰাষ্ট্ৰীয় গীত শুনি চকু পানী ৰখাব নোৱাৰিলো: পি.ভি.সিন্ধু

বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ জয়ী প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ লাভ কৰা পি.ভি.সিন্ধুয়ে খেলৰ অন্তত আৱেগিক হৈ পৰা বুলি মন্তব্য কৰে ৷ সোমবাৰে সিন্ধুয়ে কয় যে,পদক গ্ৰহণৰ সময়ত ৰাষ্ট্ৰীয় পতাকা খন দেখাৰ লগতে ৰাষ্ট্ৰীয় গীতটো শুনিবলৈ পাই তেওঁ নিজৰ চকু পানী ধৰি ৰাখিব নোৱাৰিলে ৷

By

Published : Aug 26, 2019, 7:45 PM IST

ৰাষ্ট্ৰীয় পতাকা দেখি আৰু ৰাষ্ট্ৰীয় গীত শুনি চকু পানী ৰখাব নোৱাৰিলো : পি. ভি. সিন্ধু

স্পৰ্টছ ডেস্ক,26 আগষ্ট : বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ জয়ী প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ লাভ কৰা পি.ভি. সিন্ধুয়ে খেলৰ অন্তত আৱেগিক হৈ পৰা বুলি মন্তব্য কৰে ৷ সোমবাৰে সিন্ধুয়ে কয় যে,পদক গ্ৰহণৰ সময়ত ৰাষ্ট্ৰীয় পতাকাখন দেখাৰ লগতে ৰাষ্ট্ৰীয় গীতটো শুনিবলৈ পাই তেওঁ নিজৰ চকু পানী ধৰি ৰাখিব নোৱাৰিলে ৷ টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ভাৰতৰ বেডমিণ্টন তাৰকা গৰাকীয়ে ৷

ৰাষ্ট্ৰীয় পতাকা দেখি আৰু ৰাষ্ট্ৰীয় গীত শুনি চকু পানী ৰখাব নোৱাৰিলো : পি. ভি. সিন্ধু

বিশ্ব চেম্পিয়নশ্বিপছত স্বৰ্ণ জয় কৰাৰ পাছতে প্ৰতিটো ক্ষেত্ৰৰে গুণমুদ্ধই তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে জাপানৰ নজ'মি অকুহাৰাক পৰাস্ত কৰি বেডমিন্টন জগতত ইতিহাস ৰচিবলৈ সক্ষম হয় ৷

24 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে লগতে মন্তব্য কৰে যে,এই প্ৰতিযোগিতাৰ বাবে তেওঁ বহু সময়ৰ পৰা প্ৰস্তুতি চলাই আহিছিল আৰু জয়ৰ বাবে পিতৃ - মাতৃ আৰু প্ৰশিক্ষক সকলক ধন্যবাদ জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details