স্পৰ্টছ ডেস্ক,23 আগষ্ট : বি ডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ (BWF) পৰা বাহিৰ হৈছে ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱাল ৷ শুকুৰবাৰে অনুষ্ঠিত মেচত ভাৰতীয় খেলুৱৈ গৰাকী ডেনমাৰ্কৰ মিয়া ব্লিটছফেল্ডটৰ হাতত 21-15,25-27,12-21 ছেটত পৰাস্ত হয় ৷
বি ডব্লিউ এফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ : টুৰ্ণামেন্টৰ পৰা বাহিৰ ছাইনা - বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ
বি ডব্লিউ এফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ (BWF) পৰা বাহিৰ হ'ল ভাৰতীয় শ্বাটলাৰ ছাইনা নেহৱাল ৷ শুকুৰবাৰে ডেনমাৰ্কৰ মিয়া ব্লিটছফেল্ডটৰ হাতত 21-15, 25-27,12-21 ছেটত পৰাস্ত হয় ছাইনা ৷
বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ : টুৰ্ণামেন্টৰ পৰা বাহিৰ ছাইনা
বিশ্ব ৰেংকিঙৰ অষ্টম স্থানৰ নেহৱালে ছয় পইন্টৰ ব্যৱধানত প্ৰথমটো ছেট দখল কৰিছিল ৷ দ্বিতীয় ছেটতো অগ্ৰগতি লাভ কৰা ভাৰতীয় খেলুৱৈ গৰাকীয়ে অৱশেষত ডেনমাৰ্কৰ প্ৰতিদ্বন্দীৰ হাতত ছেটতো হেৰুৱায় ৷ তৃতীয় ছেটত বিশ্ব ৰেংকিঙৰ 12 সংখ্যক স্থানৰ মিয়াই ছাইনাক কোনো সুবিধা প্ৰদান নকৰি ছেটতো দখল কৰে ৷ এঘন্টা আৰু 12 মিনিটৰ যুঁজত পৰাস্ত হোৱা ছাইনাই টুৰ্ণামেন্টৰ পৰা বাহিৰ হয় আৰু মিয়াই কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয় ৷