স্পৰ্টছ ডেস্ক, 27 জুনঃ দেশ জুৰি চলি থকা কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ মাজতেই বেডমিণ্টন খেলুৱৈৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ পৰা চলাই থকা হৈছে চিন্তা-চৰ্চা । অহা 1 জুলাইৰ পৰা হায়দৰাবাদত বেডমিণ্টন কেম্প আয়োজনৰ সম্ভাৱনা । ৰাজ্য় চৰকাৰৰ দ্বাৰা স্বীকৃতি লাভ কৰিব সক্ষম হ'লেই পি.ভি সিন্ধু কে ধৰি অন্যান্য বহু বেডমিণ্টন খেলুৱৈক দেখা পোৱা যাব পুনৰ কৰ্টত ।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ চাইয়ে ইতিমধ্যে বিগত মাহতেই ক্ৰীড়া কাৰ্য-কলাপ আৰম্ভ কৰাৰ বাবে কিছু নীতি-নিৰ্দেশাৱলী জাৰি কৰিছিল । যাৰ পাচতেই বেংগালুৰুস্থিত প্ৰকাশ পাডুকণ বেডমিণ্টন একাডেমীত বহু খেলুৱৈয়ে ইতিমধ্যে নিজৰ অনুশীলন আৰম্ভ কৰিছে । এতিয়া হায়দৰাবাদৰ খেলুৱৈ সকলৰ বাবে অপেক্ষা ৰাজ্য চৰকাৰ অনুমতিৰ ।