অসম

assam

By

Published : Jan 29, 2020, 5:50 PM IST

ETV Bharat / sports

বেডমিন্টন তাৰকা ছাইনা নেহৱালৰ বিজেপিত যোগদান

বিজেপিত যোগ দিলে বেডমিন্টন তাৰকা ছাইনা নেহৱালে ৷ তেওঁৰ সৈতে জ্যেষ্ঠ ভগ্নী চন্দ্ৰাষ্ণু নেহৱালেও বিজেপিত যোগদান কৰে ৷

বেডমিন্টন তাৰকা
ছাইনা নেহৱালৰ বিজেপিত যোগদান

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : বুধবাৰে বিশ্বৰ প্ৰাক্তন শীৰ্ষ স্থানৰ বেডমিন্টন তাৰকা ছাইনা নেহৱালে যোগদান কৰিলে বিজেপি দলত ৷ দেশৰ বাবে 'কঠোৰ পৰিশ্ৰম' কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী 'অনুপ্ৰেৰণা' বুলি মন্তব্য কৰে নেহৱালে ৷

নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত যোগদান কৰা 29 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে কয় যে, বিজেপিয়ে বহু ভাল কাম কৰি আছে আৰু দলটোৰ অংশীদাৰ হিচাপে তেওঁ এইক্ষেত্ৰত অৱদান আগবঢ়াব বিচাৰে ৷ টুইটাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদক্ষেপৰ প্ৰশংসা আগবঢ়াই অহা নেহৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁ যিহেতু কঠোৰ পৰিশ্ৰমী সেয়েহে পৰিশ্ৰমী লোক ভাল পায় ৷ লগতে মোডীৰ ভূয়সী প্ৰশংসাও কৰে তাৰকা খেলুৱৈগৰাকীয়ে ৷

উল্লেখ্য যে, ভাৰতৰ হৈ অলিম্পিক মেডেল জয় কৰা ছাইনা প্ৰথমগৰাকী ভাৰতীয় বেডমিন্টন খেলুৱৈ ৷ 2012 লণ্ডন অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ৷

পদ্মশ্ৰী আৰু অৰ্জুন সন্মান দখল কৰা ছাইনাই এই অনুষ্ঠানৰ পাচতে বিজেপি সভাপতি জে. পি. নাড্ডাক সাক্ষাৎ কৰাৰ লগতে 'খেলো ইণ্ডিয়া' পদক্ষেপক প্ৰশংসা কৰে ৷ ছাইনাৰ সৈতে বিজেপিত যোগদান কৰে তেওঁৰ জ্যেষ্ঠ ভগ্নী চন্দ্ৰাষ্ণু নেহৱালে ৷

এই সম্পৰ্কত বিজেপিৰ সাধাৰণ সম্পাদক অৰ্জুন সিঙে কয় যে, ছাইনাই 24 টাকৈ আন্তৰাষ্ট্ৰীয় খিতাপ দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ আনহাতে, বিজেপি সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দিল্লীৰ যুৱ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে তেওঁক দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰতো অংশগ্ৰহণ কৰোৱা হ'ব ৷

আৰু পঢ়ক : ছুপাৰ অ'ভাৰৰ জৰিয়তে ভাৰতৰ টি-20 শৃংখলা দখল

ABOUT THE AUTHOR

...view details