স্পৰ্টছ ডেস্ক, ৬ মাৰ্চঃ বুধবাৰৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠিত বেডমিণ্টন টুৰ্ণামেণ্ট অল ইংলেণ্ড চেম্পিয়নশ্বিপ । ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াব ভাৰতীয় তাৰকা শ্বাটলাৰ পিভী সিন্ধু আৰু ছাইনা নেহৱালৰ লগতে অন্য চাৰি পুৰুষ শ্বাটলাৰে। ভাৰতীয় দলটোৰ লক্ষ্য হ'ব দীৰ্ঘদিনীয়া খিতাপ দখলৰ অপেক্ষাৰ অৱসান ঘটোৱা ।উল্লেখ্য যে, বিগত ২০০১ চনৰ পৰা এই চেম্পিয়নশ্বিপত ভাৰতে পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই । পী গোপিচান্দে ২০০১ চনত খিতাপ লাভ কৰাৰ বিপৰীতে ১৯৮০ চনত প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল প্ৰকাশ পাডুকণে ।
অল ইংলেণ্ড চেম্পিয়নশ্বিপত ছাইনা, সিন্ধু আৰু শ্ৰীকান্ত - পি.ভি সিন্ধু
বিশ্বৰ সবাতোকৈ পুৰণি বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপৰ দাবীদাৰ ভাৰতৰ ছাইনা-সিন্ধু
অল ইংলেণ্ড চেম্পিয়নশ্বিপত ছাইনা-সিন্ধু
পিভী সিন্ধুৱে দক্ষিণ কোৰিয়াৰ চুং জী হয়ুন হোৱাৰ বিপৰীতে ছাইনাই প্ৰতিদ্বন্দিতাত নামিব স্কটলেণ্ডৰ ক্ৰিষ্টী গিল্ম'ৰৰ । ছাইনা-সিন্ধুৰ লগতে কিদাম্বী শ্ৰীকান্ত, সমীৰ বৰ্মা, প্ৰণয় কুমাৰ আৰু বি ছাই প্ৰণীতে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে । এই টুৰ্ণামেণ্টত ডব্লিউএফ ৰেংকিঙৰ কেৱল ৩২ জন খেলুৱৈয়ে হে প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।