অসম

assam

ETV Bharat / sports

বিশেষ অলিম্পিকত সৰ্বমুঠ 368 টা পদক ভাৰতৰ - ভাৰত

আবু ধাবিত উজলিল ভাৰতীয় খেলুৱৈ । 85 টা স্বৰ্ণ সহ সৰ্বমুঠ লাভ 368 টা পদক ৷

বিশেষ অলিম্পিকত সৰ্বমুঠ 368 টা পদক ভাৰতৰ

By

Published : Mar 21, 2019, 11:22 PM IST

স্পৰ্টছ ডেস্ক, ২১ মাৰ্চঃসংযুক্ত আৰৱ আমিৰাতৰ আবু ধাবিত অনুষ্ঠিত হোৱা বিশেষ অলিম্পিকত চমক প্ৰদ প্ৰদৰ্শন ভাৰতীয় খেলুৱৈৰ ৷ 14 ৰ পৰা 21 মাৰ্চলৈ অনুষ্ঠিত হোৱা এই গ্ৰীষ্মকালীন বিশ্ব প্ৰতিযোগিতাত ভাৰতে 85 টা স্বৰ্ণ সহ আঁজুৰি আনিবলৈ সক্ষম হয় মুঠ 368 টা পদক ৷ য'ত আছে 154 ৰূপৰ পদক আৰু 129 ব্ৰঞ্জৰ পদক ৷ মুঠ 284 জন ভাৰতীয় খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷

ভাৰতে ভাৰোত্তলনত আটাইতকৈ বেছি পদক লাভ কৰিবলৈ সক্ষম হয় । এই শাখাত ভাৰতে মুঠ ৯৬ টা পদক লাভ কৰিবলৈ সক্ষম হয় । য'ত আছে 20 টা স্বৰ্ণ, 33 টা ৰূপ আৰু 43 টা ব্ৰঞ্জৰ পদক । ইপিনে ৰোলৰ স্কেটিঙত 13 টা স্বৰ্ণ, 20 টা ৰূপ, 16 টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে চাইকেলিঙত 11 টা স্বৰ্ণ, ১৪ টা ৰূপ আৰু ২০ টা ব্ৰঞ্জ সহ মুঠ 45 টা পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় খেলুৱৈয়ে ৷ অন্যহাতে ট্ৰেক আৰু ফ্লীডত ভাৰতে মুঠ ৩৯ টা পদক জয় কৰিবলৈ সক্ষম হয় । যাৰ ভিতৰত আছে ৫ টা স্বৰ্ণ, ২৪ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জ ।

প্ৰত্য়েক দুই বছৰৰ মূৰে-মূৰে পতা হয় এই বিশেষ অলিম্পিক প্ৰতিযোগিতাৰ। ইয়াৰ পূৰ্বে ভাৰতে আঠবাৰৰ বাবে অংশ গ্ৰহণ কৰিছেএই প্ৰতিযোগিতাত ।

ABOUT THE AUTHOR

...view details