স্পৰ্টছ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ঢাকাত অনুষ্ঠিত হৈ থকা ইন্টাৰনেশ্বনেল চলিডাৰিটী আৰ্চাৰী চেম্পিয়নশ্বিপত বিশেষ সফলতা দাঙি ধৰিবলৈ সক্ষম হৈছে ভাৰতীয় ধনুৰ্বিদসকলে। বাংলাদেশৰ ৰাজধানীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতে চাৰিটা স্বৰ্ণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।
আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত চাৰিটা স্বৰ্ণপদক লাভ ভাৰতৰ - Dhaka
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিল অসম সন্তান
ভাৰতীয় মহিলা ধনুৰ্বিদ দলৰ আৰ্চাৰ প্ৰগতিয়ে এটা সোণ লাভ কৰাৰ লগতে দুটাকৈ ৰূপৰ পদক, ইছা পাৱাৰে এটা ৰূপৰ পদক, পৰশ হুদা, বিশাল চাংমাই আৰু কৰ্ণী সিঙ চৌহানে যুটীয়াভাৱে এটা সোণৰ পদক, পৰশ হুদা আৰু কমলিকা ৱাৰীয়ে এটা সোণ, বিশাল চাংমাই আৰু কমলিকা ৱাৰীয়ে এটা ৰূপৰ পদক, কমলিকা ৱাৰী, অমনপ্ৰীত কৌৰ আৰু ৰিদ্ধিয়েএটা ৰূপৰ পদক, ৰিত্তিক চহল, প্ৰমথেশ স্মাধন গোৱকাড় আৰু চিৰাগ বিদ্যাৰ্থীয়ে যুটীয়াভাৱে এটা সোণ, ইছা পাৱাৰ, প্ৰগতি আৰু সঞ্চিতা তিৱাৰীয়ে যুটীয়াভাৱে এটা ৰূপৰ পদক আৰু প্ৰমথেশ আৰু প্ৰগতিয়ে যুটীয়াভাৱে লাভ কৰে এটা ৰূপৰ পদক ।