নিউজ ডেস্ক, ১৭ মাৰ্চ: ভাৰতীয় জিমনাষ্ট দিপা কৰ্মকাৰে আঁঠুৰ আঘাতৰ বাবে অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব লগা দোহা বিশ্বকাপৰ পৰা বাহিৰ হ'ব লগা হৈছে । আৰ্টিষ্টিক জিমনাষ্টিকচ্ বিশ্বকাপৰ এখন খেলত আঁঠুৰ বিষ বৃদ্ধি পোৱাত দোহা বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰিব লগা হৈছে ২৫ বছৰীয়া ত্ৰিপুৰাৰ জিমনাষ্ট গৰাকীয়ে ।
দোহা বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ দিপা কৰ্মকাৰৰ
২৫ বছৰীয়া ত্ৰিপুৰাৰ জিমনাষ্ট দিপা কৰ্মকাৰে আঁঠুৰ আঘাতৰ বাবে দোহা বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰিব লগা হৈছে ।
DEEPA KARMAKAR
উল্লেখ্য যে, আৰ্টিষ্টিক জিমনাষ্টিকচ্ বিশ্বকাপ আৰু দোহা বিশ্বকাপত অনুষ্ঠিত হোৱা ৮ টা ইভেন্টৰ জৰিয়তে ২০২০ চনত আৰম্ভ হ'ব লগা ট'কিঅ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ ব্যৱস্থা আছিল ।