নিউড ডেস্ক, ৩ মাৰ্চ: মল্লযুঁজাৰু বজৰং পুনিয়াই বুলগেৰিয়াত অনুষ্ঠিত হোৱা ডান নিকোলা পেট্ৰভ টুৰ্ণানেন্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁ এই পদকটো ভাৰতীয় বায়ুসোনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ নামত উছৰ্গা কৰে ।
অভিনন্দনলৈ উছৰ্গা বজৰং পুনিয়াৰ পদক - ETV BHARAT
মল্লযুঁজাৰু বজৰং পুনিয়াই বুলগেৰিয়াত লাভ কৰা সোণৰ পদক অভিনন্দন বৰ্ধমানৰ নামত উছৰ্গা কৰে ।

BAJRANG PUNIA
উল্লেখ্য যে, পুনিয়াই ৬৫ কিলোগ্ৰাম ওজন শাখাত তেওঁৰ প্ৰতিপক্ষ জৰ্ডান অলিভাৰক ১২-৩ ৰ ব্যৱধানত পৰাস্ত কৰে । পদক উছৰ্গা কৰি পুনিয়াই কয় যে অভিনন্দনৰ সাহসিকতাই মোক অনুপ্ৰেৰণা যোগাইছে আৰু তেওঁক লগ কৰাৰ হেঁপাহ আছে ।