স্পৰ্টছ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ নতুন দিল্লীত অনুষ্ঠিত হোৱা শ্বুটিং বিশ্বকাপত বিশ্ব অভিলেখেৰে সোণৰ পদক অৰ্জন কৰিলে ভাৰতীয় শ্বুটাৰ অপূৰ্বী চান্দেলাই । শনিবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ২৫২.৯ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰি বিশ্ব অভিলেখেৰে স্বৰ্ণ পদক লাভ কৰিলে খেলুৱৈগৰাকীয়ে ।
শ্বুটিং বিশ্বকাপত অপূৰ্বী চান্দেলাৰ শ্বৰ্ণ অৰ্জন - NEW DELHI
২৫২.৯ পইণ্টেৰে বিশ্ব অভিলেখ চান্দেলাৰ
২৫২.৯ পইণ্টেৰে বিশ্ব অভিলেখ চান্দেলাৰ
আনহাতে ২৫১.৮ পইণ্টৰে ৰূপৰ পদক লাভ কৰে চীনৰ ঝাঅ' ৰুৱঝুয়ে । আনহাতে চীনৰ দেশৰে জু হঙে ২৩০.৪ পইণ্টৰে বঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।