স্পৰ্টছ ডেস্ক, ২০ মাৰ্চঃপাঞ্জাৱৰ পাটিয়ালাত হিমাৰ সফলতাৰ পাচতেই অসমলৈ আহিছে আন গৌৰৱ । সুদূৰ হংকঙত উজলিল কোকৰাঝাৰৰ জীয়ৰী অম্বিকা নাৰ্জাৰী । হংকংত অনুষ্ঠিত হোৱা 'যুৱ এছিয়ান এথেলেটিক চেম্পিয়নশ্বিপ'ৰ লং জাম্পত লাভ কৰিলে ব্ৰঞ্জৰ পদক । লং জাম্পৰ ইভেন্টত ৫.৭৩মিটাৰ জঁপিয়াই তৃতীয় স্থান দখল কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় অম্বিকাই ।
হংকঙৰ পৰা ব্ৰঞ্জৰ পদক আনিলে অসম কন্যা অম্বিকা নাৰ্জাৰীয়ে - অম্বিকা নাৰ্জাৰী
হংকঙত অনুষ্ঠিত হোৱা যুৱ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ উজলিল অসম কন্য়া অম্বিকা নাৰ্জাৰী । লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিলে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷

যুৱ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত অম্বিকা নাৰ্জাৰীৰ পদক
যুৱ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত অম্বিকা নাৰ্জাৰীৰ পদক
মঙলবাৰে বৰঝাৰ বিমানবন্দৰত খেলুৱৈগৰাকী উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অসম এথলেটিক্স সংস্থাৰ সাধাৰণ সম্পাদক অশোক ভৰালীৰ লগতে আত্মীয়ই । এই সফলতাৰ পিচত অসমবাসীক ধন্যবাদ জনায় খেলুৱৈগৰাকীয়ে ।