স্পৰ্টছ ডেস্ক, ২০ মাৰ্চঃভাৰতক প্ৰতিনিধিত্ব কৰি চীন দেশৰ হংকঙত উজলিল চিৰাং জিলাৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ নিৱাসী অম্বিকা । হংকঙত অনুষ্ঠিত হোৱা " ১৭ অনুৰ্ধ তৃতীয় এছিয়ান যুৱ ক্ৰীড়া সমাৰোহ ২০১৯" তথা "তৃতীয় য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ"ৰ লং জাম্পত লাভ কৰিবলৈ সক্ষম হয় ব্ৰঞ্জৰ পদক । ৫.৭৩ মিটাৰেৰে তৃতীয় স্থান দখল কৰি এই সফলতা আঁজুৰি আনিবলৈ সক্ষম হয় চিৰাং জিলাৰ বিজনীৰ শিলবাৰীৰ কন্যা অম্বিকাই ।
হংকঙৰ পৰা ব্ৰঞ্জৰ পদক আনিলে অসম কন্যা অম্বিকা নাৰ্জাৰীয়ে - Ambika Narzari
য়ুথ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত অম্বিকা নাৰ্জাৰীৰ ব্ৰঞ্জৰ পদক । চিৰাং জিলাৰ বিজনীত উষ্ম আদৰণি খেলুৱৈগৰাকীক

মঙলবাৰে বিজনী উপস্থিত হোৱাৰ লগে-লগে বিভিন্ন দল সংগঠনে উষ্ম আঁদৰণি জনায় খেলুৱৈগৰাকীক । গুৱাহাটীৰ পৰা ৰে'ল যোগে বিজনীত উপস্থিত হোৱাৰ লগে লগেবড়ো লোকবাদ্য পৰম্পৰাগত নৃত্য গীতেৰে আদৰণি জনায় সহস্ৰাধিক বিজনীবাসীয়ে ।
বিজনীৰ শিলবাৰীৰ দৰিদ্ৰ কৃষক হৰেশ্বৰ নাৰ্জাৰী(হেমঙ্গ নাৰ্জাৰী)আৰু মাতৃ জাউলি নাৰ্জাৰীৰ দ্বিতীয় কন্যা অম্বিকা নাৰ্জাৰীয়ে বিশ্ব দৰবাৰত চিৰাং জিলাৰ পৰা গৈ ব্ৰঞ্জৰ পদক লাভেৰে গৌৰাৱম্বিত কৰিছে দেশবাসীক। এই সফলতাৰ পিচতেই বিজনী আঞ্চলিক এবছুৰ নেতাৰ ভাৰতৰ চৰকাৰৰ লগতে বিটিচি চৰকাৰক সহায়ৰ আহ্বান প্ৰতিভাৱান খেলুৱৈগৰাকীক ।