স্পৰ্টছ ডেস্ক, ২০ মাৰ্চঃথাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ গেমছ আৰু ফেষ্টিভেলত উজলিল অসমৰ পাঁচগৰাকীকৈ প্ৰতিভাৱান খেলুৱৈ । যোৱা ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হৈছিল চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ গেমছ চেম্পিয়নশ্বিপ ।
বেংককত উজলিল পাঁচ গৰাকী অসম সন্তান
চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় মাৰ্শাল আৰ্টছ গেমছ আৰু ফেষ্টিভেল প্ৰতিযোগিতাত উজলিল অসমৰ পাঁচ গৰাকীকৈ খেলুৱৈ । ভাৰতক প্ৰতিনিধিত্ব কৰি আঁজুৰি আনিলে পাঁচটাকৈ পদক ।
বেংককত উজলিল অসমৰ পাঁচ সন্তান
এই প্ৰতিযোগিতাতে পুৰুষৰ কিক বক্সিঙত দেৱান আৰীয়ন তাইছিৰে স্বৰ্ণ, দেৱান অলমাছ তমবিৰে ব্ৰঞ্জ, প্ৰাচুৰ্য কল্প বৰুৱাই ব্ৰঞ্জ, নিলম চান্দে ৰূপ আৰু সুমন কুমাৰ চক্ৰৱৰ্তীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । মঙলবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে অনুৰাগীয়ে উষ্ম আদৰণি জনাই খেলুৱৈ সকলক ।