চিটাৰা ডেস্ক,15 জুলাইঃসোমবাৰৰ পৰা সম্প্ৰচাৰ হৈছে টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক য়ে ৰিস্তা ক্যা কেহলাতা হেৰ নতুন খণ্ড ৷ সম্প্ৰচাৰৰ পিছতে চাৰিওদিশে চৰ্চিত হৈছে ধাৰাবাহিকখনৰ বিষয়ে ৷ কাৰণ শ্বুটিঙৰ সময়খিনিত ধাৰাবাহিকখনৰ কলাকুশলী সকলে অৱলম্বন কৰিছে বিশেষ সাৱধানতা ৷ শ্বুটিঙৰ সময়খিনিত তেওঁলোকে মুখমণ্ডলত মাস্ক আৰু ফেচ ছিল্ড পৰিধান কৰি আছিল ৷ এই কাণ্ডই আচৰিত কৰি তোলে সকলো অনুৰাগীক ৷ কেৱল সেয়াই নহয় একাংশই যথেষ্ট ৰস পাইছে সমগ্ৰ কাণ্ডটোক লৈ ৷ বহুজনে মিম শ্বেয়াৰ কৰিছে ধাৰাবাহিক খনৰ দৃশ্যসমূহক লৈ ৷
অভিনেত্ৰী শিৱাংগী জৌশী আৰু অল্কা কৌশলৰ মুখত দেখা গৈছে মাস্ক আৰু ফেচ ছিল্ড ৷