চিটাৰা ডেস্ক, 7 ডিচেম্বৰ:সোমবাৰে পুৱা এখন চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে অভিনেত্ৰী দিব্যা ভাটনাগৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্ৰী গৰাকী নিমোনিয়া আৰু COVID-19ত আক্ৰান্ত হৈ আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 34 বছৰ ৷
নৱেম্বৰ মাহতে অভিনেত্ৰী গৰাকীক চিকিৎসাধীন কৰোৱা হৈছিল COVID-19 ৰ পৰীক্ষা কৰোৱাৰ পাচত ৷ বিগত সপ্তাহত তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ বাবে ভেণ্টিলেটৰত ৰখা হৈছিল ৷ তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটাৰ পূৰ্বেই পৰিয়ালৰ লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ লৈ গৈছিল ৷
অভিনেত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে খবৰ পোৱাৰ পাচতে তেওঁৰ মাতৃ আৰু ভাতৃ দিল্লীৰ পৰা আহি মুম্বাইত উপস্থিত হৈছিল ৷