অসম

assam

ETV Bharat / sitara

মহাৰাষ্ট্ৰত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলে

মহাৰাষ্ট্ৰ ঔৰংগাবাদত মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক সমাৰোহত অংশগ্ৰহণ কৰে ভাৰতবৰ্ষৰ বহুকেইখন প্ৰদেশে ৷ তাৰ মাজতে অসমৰ পৰা যোৱা ১২ জনীয়া এটা শিল্পীৰ দলে সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ৷

uttar kamalabari satra shilpi group performed at Maharashtra
মহাৰাষ্ট্ৰত সত্ৰীয়া সংস্কৃতিৰ সুৱাস

By

Published : Jan 22, 2020, 6:10 PM IST

মাজুলী, 22জানুৱাৰীঃমহাৰাষ্ট্ৰ ঔৰংগাবাদত সংগীত নাটক অকাডেমি সাংস্কৃতিক বিভাগ ভাৰত চৰকাৰৰ সহযোগত ,মহাগামী সংগীত একাডেমীৰ উদ্যোগত ঔৰংগাবাদত অনুষ্ঠিত হোৱা মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি "Sharngndeva samaruh"ত (সমাৰোহ) অংশগ্ৰহণ কৰিছে ভাৰতবৰ্ষৰ বহুকেইখন প্ৰদেশে । সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পীৰ উপস্থিতিয়ে অনুষ্ঠানটিত অনন্য মাত্ৰা প্ৰদান কৰিছে । ১১ সংখ্যক সাৰ‌ংগ সমাৰোহৰ প্ৰথম দিনা অথাৎ ১৭-জানুৱাৰী তাৰিখে ভূটানৰ বৌদ্ধ ধৰ্মৰ গুৰুৱে অংশগ্ৰহণ কৰি আলোচনা সত্ৰত বৌদ্ধ ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰে । ইয়াৰ পাছতে অসমৰ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা শৈলীৰ ওপৰত আলোচনা সত্ৰলৈ বিশেষ ভাৱে আমন্ত্ৰিত সমল ব্যক্তি অসমৰ সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত প্ৰাধ্যাপক ড৹ প্ৰদীপ জ্যেতি মহন্ত দেৱে "সত্ৰীয়া কলা পৰম্পৰাত শাস্ত্ৰ আৰু প্ৰয়োগৰ ৰীতি" শীৰ্ষক বিষয়ত আলোচনা সত্ৰত বিস্তৃত ভাৱে সাৱলীল আৰু উচ্ছ প্ৰশংসিত আলোকপাত আগবঢ়ায় ৷ মহন্তৰ গৱেষণামূলক আলোচনাত সহযোগিতা আগবঢ়াই উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক ভৱেন বৰবায়ন, নিতুল বৰবায়ন ,উপেন বৰগায়ন ,তীৰ্থ ভূঞা বৰগায়নে । আলোচনা সত্ৰত পৰম্পৰাগতভাৱে সত্ৰত প্ৰচলিত প্ৰসংগীয়া আৰ্হিত বৰগীত পৰিৱেশন কৰে ।

মহাৰাষ্ট্ৰত সত্ৰীয়া সংস্কৃতিৰ সুৱাস

ৰাষ্ট্ৰীয় এই আলোচনা সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত হোৱা মহন্তদেৱৰ আলোকপাতে সকলোৰে দৃষ্টি আৰ্কষণ কৰে । ১৬৭৩ চনতে প্ৰতিষ্ঠিত সত্ৰখনে সত্ৰীয়া সংস্কৃতিৰ বৰ্ণিল যাত্ৰাত গুৰুজনাক অধিক উজ্জ্বল কৰি তুলিছে । অসমৰ পৰা যোৱা ১২ জনীয়া শিল্পীৰ দলটোৱে সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত । ১৮ জানুৱাৰী সাৰংগ সমাৰোহৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত মহাগামী গুৰুকুলৰ আলোচনা সত্ৰ গৃহত প্ৰথমে মনিপুৰৰ নটসংকীৰ্তনৰ ওপৰত জৱাহৰলাল নেহেৰু মনিপুৰী ডান্স একাডেমীৰ সঞ্চালক উপেন্দ শৰ্মাই আলোকপাত কৰে নটসংকীৰ্তনৰ ওপৰত ৷

লগতে পঢ়কঃওপজা দিনতে ভোলা কটকীলৈ জীৱনজোৰা সাধন বঁটা

ABOUT THE AUTHOR

...view details