অসম

assam

By

Published : Aug 31, 2020, 12:17 PM IST

ETV Bharat / sitara

"খতৰো কে খিলাড়ী"ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে নিয়া শৰ্মাই

জনপ্ৰিয় টেলিভিশ্বন শ্ব' "খতৰো কে খিলাড়ী"ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে ৰূপালী পৰ্দাৰ অভিনেত্ৰী নিয়া শৰ্মাই। দেওবাৰে ৰোহিত ছেট্টী পৰিচালিত "খতৰো কে খিলাড়ী: মেড ইন ইণ্ডিয়া ছিজন ১০"ৰ ফলাফল ঘোষণা কৰা হয়। বিজয়ীৰ খিতাপ অৰ্জন কৰি উৎফুল্লিত হৈ পৰিছে নিয়া।

"খটৰ' কে খিলাড়ী"ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে নিয়া শৰ্মাই
"খটৰ' কে খিলাড়ী"ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে নিয়া শৰ্মাই

চিটাৰা ডেস্ক, ৩১আগষ্ট: ছবি নিৰ্মাতা ৰোহিত ছেট্টীয়ে পৰিচালনা কৰা জনপ্ৰিয় টেলিভিশ্বন শ্ব' "খতৰো কে খিলাড়ী:মেড ইন ইণ্ডিয়া ছিজন ১০"ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে ৰূপালী পৰ্দাৰ অভিনেত্ৰী নিয়া শৰ্মাই। চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰতিযোগী জেচমিন ভসীন, কৰণ ৱাহীক পৰাস্ত কৰি "খতৰো কে খিলাড়ী"ৰ ১০নং সংস্কৰণৰ বিজয়ীৰ খিতাপ আজুৰি নিয়ে।

বিজয়ীৰ খিতাপ অৰ্জনৰ পিছতে নিয়াই কয় যে, "খতৰো কে খিলাড়ী:মেড ইন ইণ্ডিয়াৰ আৰম্ভণি এক বিশেষ ৰূপত হৈছে। কিন্তু এই সংস্কৰণত বিজয়ী হোৱাই মোৰ একামাত্ৰ লক্ষ্য হৈ পৰিছিল। খতৰো কে খিলাড়ী ছিজন ৮ত মই প্ৰদৰ্শন কৰা প্ৰত্যেকটো ষ্টাণ্টত মই কঠোৰ পৰিক্ষম কৰিছো। লগতে মোৰ দলটোৱে মোক সকলো ক্ষেত্ৰতে অনুপ্ৰেৰণা যোগাইছে। কালাৰ্ছ টিভিয়ে মোক দিয়া দ্বিতীয় সুযোগ মই হেৰুৱাব বিচৰা নাছিলো। বিজয়ী হোৱা কথাটোৱে মোক সুখী কৰাৰ লগতে সন্তুষ্টিও দিছে। মোৰ কামে মোৰ দক্ষতাক প্ৰমাণ কৰিছে।"

প্ৰধানকৈ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰা এই টেলিভিশ্বন শ্ব'টো খতৰো কে খিলাড়ী ছিজন ১০ সমাপ্ত হোৱাৰ পিছত মেড ইন ইণ্ডিয়া সংস্কৰণৰ ৰূপত সম্প্ৰচাৰ কৰা হৈছিল। "খতৰো কে খিলাড়ী:মেড ইন ইণ্ডিয়া" সংস্কৰণত বিগত কেইবা বৰ্ষৰ বিজয়ী জয় ভানুশালী, ঋত্বিক ধনজানী, ভাৰতী সিং, হৰ্ষ লিম্বাচিয়া, এলী ধোনী আৰু কৰণ পেটেলে অংশগ্ৰহণ কৰে। এক বিশেষ কাৰণত ঋত্বিক ধনজানীয়ে আধাতে অনুষ্ঠানটোৰ পৰা বিদায় ল'বলগীয়া হৈছিল। "খতৰো কে খিলাড়ী:মেড ইন ইণ্ডিয়া ছিজন ১০"ত ছবি নিৰ্মাতা ৰোহিত ছেট্টীয়ে প্ৰতিযোগীসকলৰ বাবে ডিজাইন কৰা ষ্টাণ্টে দৰ্শকক যথেষ্ট আকৃষ্ট কৰে।

লগতে পঢ়ক:ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কংগনা ৰানাৱট অভিনীত 'টেজছ'ৰ দৃশ্যগ্ৰহণ

ABOUT THE AUTHOR

...view details