চিটাৰা ডেস্ক, 24 মে’:লকডাউনৰ ফলত বিভিন্ন ক্ষেত্ৰৰ লগতে টেলিভিশ্বন ক্ষেত্ৰখনতো আৰ্থিক সমস্যাই জুৰুলা কৰি তুলিছে ৷ টেলিভিশ্বন জগতৰ বহু লোকে শাৰীৰিক-মানসিকভাৱে সংঘৰ্ষ কৰি থকাও পৰিলক্ষিত হৈছে ৷
অভিনেতা বিকাশ শেট্টীয়ে এই সন্দৰ্ভত ব্যক্ত কৰে যে, যিসকল নতুন অভিনেতা বা কলা-কুশলী ছবিজগতত কাম কৰি আছে, যিসকলৰ দৰমহা কম তেওঁলোকৰ বাবে এই সময়খিনি অতি কঠিন হৈ পৰিছে ৷ ছবি নিৰ্মাতাসকলে কলা-কুশলীসকলক দৰমহা দিছে নে নাই সেই বিষয়েও অভিনেতাগৰাকী অৱগত নহয় বুলি জানিবলৈ দিয়ে ৷ লকডাউন শেষ হোৱাৰ পিছত কৰ্মচাৰীসকলে দৰমহা বিচাৰিলে নিৰ্মাতাসকলে দিব পাৰিব নে নাই তাক লৈহে চিন্তিত ৷ আৰ্থিক সমস্যাৰ বাবে সকলোৱে নিশ্চয় মানসিক অশান্তিত ভুগিছে ৷
অভিনেতা, লেখক তথা নিৰ্মাতা গৌৰৱ চনানাই তেওঁলোকৰ উদ্যোগ পোন প্ৰথমেই বন্ধ হোৱা প্ৰসংগত কয় যে, 16 মাৰ্চ তাৰিখে তেওঁলোকে এখন চিঠি পাইছিল আৰু 18 তাৰিখৰ পৰা তেওঁলোকৰ কাম স্তব্ধ হৈ পৰিছে ৷ দৰমহা পাবলগীয়া কৰ্মচাৰীসকলৰ দুৰাৱস্থা আহি পৰিছে ৷