চিটাৰা ডেস্ক,6 আগষ্টঃ বিগত দিনকেইটা ভাৰতৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা যথেষ্ট বেয়া খবৰ আহি আছে ৷ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰায় ডেৰ মাহৰ পিছত এইবাৰ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যাৰ খবৰে মৰ্মাহত কৰিলে অনুৰাগীক ৷
শেহতীয়াকৈ অহা খবৰ মতে, কিছুদিনৰ পৰা অভিনেতা সমীৰ শৰ্মাক কোনেও দেখা নাছিল ৷ যেতিয়া তেওঁৰ ফ্লেটৰ পৰা দুৰ্গন্ধ বাহিৰ হ'বলৈ ল'লে তেতিয়া সন্দেহ কৰি আৰক্ষীক খবৰ দিছিল তেওঁৰ ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে ৷ তাৰ পিছত আৰক্ষী আহি যেতিয়া ঘৰৰ দুৱাৰ খুলিলে তেতিয়া ফেনত চিপ লৈ থকা অৱস্থাত তেওঁক মৃতদেহ প্ৰত্যক্ষ কৰে ৷
এনেকুৱা সন্দেহ কৰা হৈছে যে, প্ৰায় দুদিন পূৰ্বেই অভিনেতা গৰাকীৰ মৃত্যু হৈছিল ৷ বাহিৰলৈ দুৰ্গন্ধ অহাৰ বাবে চুবুৰীয়াৰ সন্দেহ হৈছিল আৰু তাৰ পিছতে ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে আৰক্ষীক ঘটনাটো অৱগত কৰিছিল ৷