ইউটিউবত খলকনি তুলিছে তুলসী কুমাৰৰ গীতে - চহৰ কী লড়কী
শেহতীয়াকৈ তুলসী কুমাৰৰ কবীৰ সিঙ চলচ্চিত্ৰৰ পৰা 'তেৰা বান জাওঁগা' আৰু খানদানী চাফাখানাৰ পৰা 'চহৰ কী লড়কী' শীৰ্ষক গীত দুটাই 24 ঘন্টাৰ ভিতৰতে দৰ্শকৰ ভীষণ সঁহাৰি লাভ কৰিছে ৷
ইউটিউবত খলকনি তুলিছে তুলসী কুমাৰৰ গীতে
নিউজ ডেক্স,9 জুলাইঃ বলিউড প্লে বেক চিংগাৰ তুলসী কুমাৰৰ গীতে মন মোহিছে এতিয়া ইউটিউব জগতৰ দৰ্শকসকলক ৷ শেহতীয়াকৈ তুলসী কুমাৰৰ দুটা বিশেষ গীতে ইউটিউব জগতত খলকনি তুলিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে ইউটিউবৰ 80 মিলিউন ভিউজ অতিক্ৰম কৰিছে ' তেৰা বান জাওঁগা' আৰু ' চহৰ কী লড়কী ' শীৰ্ষক গীত দুটাই ৷ দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই দুয়োটা পৃথক পৃথক শিতানৰ গীতে ।