চিটাৰা ডেস্ক, 22 নৱেম্বৰ :চাৰি বছৰ পূৰ্বে আজিৰ দিনটোতে অসমীয়া চলচিত্ৰ জগতখনৰ পৰা খহি পৰিছিল এটি ভোটাতৰা ৷ যাৰ নাম বিজু ফুকন ৷ বিজু ফুকন বুলিলে নকৈ পৰিচয় কৰি দিয়াৰ হয়তো প্ৰয়োজন নাই ৷ অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা বিজু ফুকন(Actor Biju Phukan)ৰ নাম নুশুনা লোক হয়তো কমেই ওলাব বা একেবাৰে নোলাব ৷
চাৰি বছৰ পূৰ্বে 22 নৱেম্বৰৰ দিনটোত দেহাৱসান ঘটিছিল অভিনেতা বিজু ফুকনৰ ৷ 1947 চনৰ 18 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা বিজু ফুকনে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ ঘটাইছিল ডাঃ বেজবৰুৱা ছবিৰ জৰিয়তে ৷
সেয়াই আছিল আৰম্ভণি ৷ তাৰ পিছত আৰু ঘূৰি চাবলগীয়া হোৱা নাই অভিনেতাগৰাকীয়ে ৷ সেই সময়ৰ অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে পৰিচিত হৈছিল বিজু ফুকন ৷ তাতকৈ বেছি সকলোৰে মাজত পৰিচিত হৈছিল "বিজু দা" ৰূপেহে ৷
বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে । সাহিত্যিক ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰা বিজু ফুকনে ভ্ৰাম্যমাণ থিয়েটাৰতো কৰিছিল দুৰ্দান্ত অভিনয় ৷ এসময়ত আৱাহন আৰু ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চ কঁপাই তুলিছিল বিজু ফুকনে ৷ একেদৰে বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে । আৱাহন আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰিছিল সকলোৰে জনপ্ৰিয় বিজু দাই ৷
তদুপৰি 1980 চনত বিজু ফুকনে পৰিচালনা কৰা 'ভাই-ভাই' ছবিখনে ব্যৱসায়িক সফলতা লাভ কৰে ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ এইগৰাকী মহানায়কে 2017 চনৰ 22 নৱেম্বৰত গুৱাহাটীৰ এপ’ল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ ইয়াৰ পূৰ্বেও বহুবাৰ অভিনেতাগৰাকীক স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্যু তিথিত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to actor Biju Phukan) বহুসংখ্যক অনুৰাগী তথা গুণমুগ্ধই ৷
লগতে চাওক:Happy Birthday Kartik Aaryan : কাৰ্তিক অভিনীত 5 টা জনপ্ৰিয় চৰিত্ৰ